পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
শঙ্কৰদেৱলৈ দৈবিক সকীয়ন


এক দুই ৰূপ মাত্ৰ গুৰু পঢ়াৱন্ত।
কতো কতো সূত্ৰচয় আপুনি পাৱন্ত॥ ৪৭।
শুনিয়োক তান যেন পঢ়িবাৰ নীতি।
শয্যাৰ দুপাশে লগাৱন্ত দুই বাঁতি॥
দুইখান ঠগিত দুই পুস্তক থৱন্ত।
দুগোটা সম্ফুৰা ভৰি তাম্বুল লৱন্ত॥ ৪৮।
ডাহিনৰ সম্ফুৰাৰ ভুঞ্জি তাম্বুলক।
ঠগিৰ পুস্তক মেলি পঢ়ন্ত শ্লোকক॥
তেন মতে বামৰো পুস্তক মেলি চান্ত।
প্ৰভাতে উঠিয়া পুনু ছাত্ৰশালি যান্ত॥ ৪৯।
ব্যাকৰ্ণ পঢ়িয়া চৈধ্য শাস্ত্ৰক পঢ়িলা।
পুৰাণ ভাৰত ৰামায়ণো বাখানিলা॥
পঢ়িলন্ত নিৰন্তৰে কত কাব্য কোষ।
গুৰুৰ মনত মহা পৰম সন্তোষ॥” ৫০।

দৈত্যাৰিয়েও চমুকৈ শঙ্কৰদেৱৰ পৈণত অধ্যয়নৰ কথা কৈছেঃ

পঢ়িলন্ত নিৰন্তৰে শাস্ত্ৰ সমস্তই।
অপ্ৰমাদী পণ্ডিত ভৈলন্ত মহাশয়॥ ৫২।
অবিৰত সমস্ত শাস্ত্ৰক বিচাৰন্ত।
শাস্ত্ৰালাপ বিনে আন কৰ্ম নাচৰন্ত॥ ৫৩।
ধৰ্মত সদায় ৰতি কৃপাময় মন।
শিশু হন্তে ধৰ্ম মাত্ৰ কৰন্ত সঘন॥” ৫৪।

ভূষণে শঙ্কৰদেৱৰ যোগ-সাধনাৰ সফলতা বৰ্ণাইছে (৬৬-৬৮ পদ); দৈত্যাৰিয়ে তাকে আৰু প্ৰাঞ্জলভাৱে লিখিছেঃ

“প্ৰাণ অপান  সমান উদান
 আদি কৰি বায়ুচয়।
বশ্য কৰিলন্ত চলাইবে পাৰন্ত
 যি বায়ু যৈত লাগয়॥