পৃষ্ঠা:Yugnayak Sankardeva.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৫
যামানন্দ কবীৰ প্ৰভৃতি প্ৰচাৰকসকল


অব্যক্ত ঈশ্বৰ হৰি  কিমতে চিন্তিবা তাঙ্ক,
 ব্যাপকত কিবা বিসৰ্জন।
এভাৱন্ত মূৰ্ত্তিশূন্য  কেন মতে চিন্তাবাহা,
 ৰাম বুলি শুদ্ধ কৰা মন॥” ৫।

কবীৰক ভাৰতীয় মাৰ্টিন লুথাৰও (১৪৮৪-১৫৪৬) বোলা হয়। ধৰ্ম- গুৰুৰূপে কবীৰৰ কাষত ঋণ স্বীকাৰ কৰোঁতাৰ ভিতৰত শিখগুৰু নানক শ্বাহ প্ৰধান; তেওঁৰ “আদিগ্ৰন্থ”ৰ পৰা কবীৰৰ সম্পৰ্কে ভালে- খিনি লগতিয়াল বাতৰি পোৱা হয়। “বীজক”ৰমৈনী, শব্দ “সাখী” আদি ভাগত কবীৰৰ শিক্ষামূলক দোহাবোৰ পোৱা হয়। এটা দোহাত কবীৰে কৈছে, মৃত্যুৰ আগতে এজনে সহস্ৰ কিতাপ পঢ়িব পাৰে, সেই বুলিয়ে তেওঁ পণ্ডিত নহল; “ভক্তি” এই আঢ়ৈটা আখৰৰ অৰ্থ যি বুজিব পাৰে তেওঁহে প্ৰকৃত পণ্ডিত।

 কবীৰ নিজে শাস্ত্ৰজ্ঞ হোৱাৰ প্ৰমাণ নাই, কিন্তু সহজ জ্ঞানৰ দ্বাৰাই শাস্ত্ৰজ্ঞ কথা ভালেখিনি তেওঁ উপলব্ধি কৰিছিল বুলি বুজিব পাৰি। আজন্ম ৰহস্যবাদীৰূপে ওমৰ খৈয়াম আদি ছুফী ৰহস্যবাদী, লুইপাদ আদি বৌদ্ধ ৰহস্যবাদী, বাইবোলৰ খৃষ্টান ৰহস্যবাদী, আৰু মাধৱ- দেৱৰ দৰে বৈদান্তিক ৰহস্যবাদী আদিৰ লগতো কবীৰৰ বহুত দোহাৰ আচৰিত মিল। কবীৰৰ অযোনী-সম্ভৱতা, সাময়িক ধৰ্মগুৰু বিলাকৰ লগত বিবাদ, এহাল লৰা-ছোৱালীক মৰাৰ পৰা জীওৱা, চলিত ধৰ্ম- বিৰোধী বুলি ৰজাৰ বিচাৰত দণ্ডভোগ আদি ভালেখিনি কাহিনী যীশুৰ জীৱনীৰ লগত মিলে। বাইবোলত কৈছে, ‘সৃষ্টিৰ আদিতে নাম (ওঙ্কাৰ); নাম ঈশ্বৰৰ লগত আছিল; নামেই ঈশ্বৰ।' কবীৰে “সাথী”ত কৈছে, ‘পুনঃ পুনঃ জন্ম-মৰণৰ হাত সাৰিব খোজা যদি নামৰ লগত বাহা বান্ধা। নামৰ তত্ত্ব বুজাব পাৰে, এনে গুৰু ল’বাঁ।' নিজৰ উপমা দিও কৈছে, ‘নামেই গুৰু। (ৰাম)-নাম শুনিয়ে তাৰ ভকত হলোঁ। মাধৱদেৱে লিখিছে,-