পৃষ্ঠা:Yugnayak Sankardeva.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৬
যুগনায়ক শঙ্কৰদেৱ


“অপৰাধ-বিনাশন, তযু নাম নাৰায়ণ,
 জানি নামে পশিলা শৰণে
 আন গতি নাহিকে মৰণে।” ৭১। ঘোষা।

মূৰ্ত্তি আৰু মালা-মন্ত্ৰৰ বিৰুদ্ধে কবীৰৰ ভৰ্ৎসনা তীব্ৰ। তেওঁ কৈছে,— ‘শিল পূজিলেই যদি ঈশ্বৰক পায়, তেন্তে মই পৰ্বত এটাকে পূজা কৰিব পাৰোঁ; পিছে মূৰ্ত্তিৰ শিল পূজাতকৈ যাঁতৰ শিল পূজিলে অন্ততঃ খাবলৈ আতাখিনিকে পোৱা হয়।' মালাগুটি জপ কৰা শেষ নৌহওঁতেই জীৱনৰ দিনবোৰেই শেষ হৈ যায়, আৰু ইফালে হৃদয়ৰ কপাট (দুৱাৰ) জাপ খায়ে থাকে। হাতৰ মাল দলিয়াই দি “মন্‌কা” (মনৰ) “মন্‌কা” (মালা) জপ কৰিবলৈ ধৰাঁ।' 'কাঠৰমালা কাটে- ফুটে। মনৰ মালা কাহা ছুটে॥”

 তীৰ্থ-স্নান আৰু বহু-দেৱতাৰ বিৰুদ্ধেও কবীৰৰ তিৰস্কাৰ তীক্ষ্ন; তেওঁ কয়, ‘তীৰ্থস্নান কৰি যদি মুক্তি পায়, তেন্তে ভেকুলিবোৰে নিতৌ গা ধোৱে। ভেকুলিৰ দৰে এওঁলোকেও পুনঃ পুনঃ যোনীত ঠাই লয়।' তুমি এজনৰ পত্নী হৈ বহুত উপপতি লৈছাঁ; ইমানবোৰৰ পত্নী হৈ কোনটোৰ লগত বাৰু সতীদাহ হবা?' মাধৱদেৱে নামধৰ্ম সম্পৰ্কে কৈছে-

“কলিত হৰিৰ  কীৰ্ত্তন এৰিয়া  আন মতে চাৱে গতি। যেন কূল-বধূ  নিজ স্বামী এৰি  ভজে গৈয়া উপপতি।।” ঘোষা।

 গুৰু গ্ৰহণ সম্পৰ্কে কবীৰে কৈছে, ‘পিয়াৰ আগতে পানী চাই লোৱাৰ দৰে মনৰ আগতে গুৰু পৰীক্ষা কৰি লবাঁ।' 'শগুণ আকাশত উৰি ফুৰিলেও তাৰ মন পৃথিবীৰ পচা শৱতহে থাকে; আকাশত উৰা বাবেই সি সাধু নহল।' 'যেনিয়ে তেনিয়ে গুৰুৰ দলহে দেখোঁ; কৰবাত এজন শিষ্য ওলোৱা হলে অলপ আশা আহিল।' মুক্তিলাভ