পৰি থাকিল আৰু পুৱা শুই উঠি দুৱাৰ মেলি ওলাই আহোঁতেই কবীৰৰ গাত ভৰি লগা দেখি “ৰাম, ৰাম” বুলি ৰামানন্দ আঁতৰি যায়। শিষ্যৰূপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা দ্ৰোণাচাৰ্য্যকো একলব্যই অন্তৰেৰে গুৰু মানি লোৱাৰ দৰে কবীৰেও ৰামানন্দকে গুৰু মানিলে; আৰু তেওঁৰ মুখত ওলোৱা “ৰাম” নামেই তেওঁৰ শৰণৰ বীজমন্ত্ৰ হল।-“প্যাস অহদ্কা সাথ হাম লায়া, ৰামানন্দ চেতায়ো।”
মন কৰিবলগা কথা, কৃষ্ণ-ভক্তিৰ আৰাধ্য কৃষ্ণ যেনেকৈ বাসুদেৱ-দৈৱকীৰ পুত্ৰ ঐতিহাসিক কৃষ্ণ নহয়, কিন্তু তেওঁৰ ভিতৰেদি সেই পূৰ্ণব্ৰহ্ম বিষ্ণু, কবীৰৰ উপাস্য ৰামও সেইদৰে দশৰথ-কৌশল্যাৰ পুত্ৰ নহয়, সেই পূৰ্ণব্ৰহ্ম ৰামহে। মাধৱদেৱে সেই “ৰাম”ৰ বিতোপন সংজ্ঞা দিছে,—
“চৈতন্য শক্তিৰ দ্বাৰে ইটোজড় জগতক
ৰমাৱন্ত কৰ্ম অনুৰূপে।
এতেকেসে ঈশ্বৰৰ পৰম প্ৰসিদ্ধ ৰাম
নাম আক জানিবা স্বৰূপে ।।১৫৩।
“অনন্ত চৈতন্য আত্মা, সদানন্দ ঈশ্বৰত
যোগীজনে সদায়ে ৰময়।
এহি হেতু ৰাম পদে পৰম ব্ৰহ্ম শপতে
কহে ৰাম নামৰ অন্বয়॥” ১৫৪।
ইফালে নিৰ্গুণ ব্ৰহ্মও কবীৰৰ উপাস্য নহয়, যিহেতুকে ভক্তৰ ভগৱান সগুণ হবই লাগিব। প্লেটোৰ, তথা ছক্ৰেটিছৰ, “সৎ বস্তুৰ বিচাৰৰ প্লেটিনছে চুড়ান্ত প্ৰকাশ কৰিছিল; তেৱোঁ শেষত সেই নিৰ্গুণক নিজতহে উপলব্ধি কৰিবৰ যত্ন কৰিছিল। আলেকজেণ্ড্ৰিয়াৰ ক্লেমেন্টে সেই “সৎ” বস্তু বিচাৰি শেষত পালেগৈ—সেই সৎ ‘কি’ তাক নিবিচাৰি 'কি নহয়’ তাক বিচৰাটোহে শ্ৰেষ্ঠ উপায়। ক্লেমেন্টেৰ দৰেই কবীৰক ঈশ্বৰ লাগে চিন্তা কৰিবলৈ নহয়, ভাল পাবলৈহে। মাধৱদেৱৰ সেই বিতোপন ঘোষাটি⸺