পৃষ্ঠা:Yugnayak Sankardeva.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০০
যুগনায়ক শঙ্কৰদেৱ

প্ৰকৃততে “তত্ত্বমসি”। উচ্চ মানৱত্ব আৰু দেৱত্বৰ সীমাৰেখা অতি খীণ; মানৱৰ পূৰ্ণ বিকাশ ঘটা সকলো লোকেই মানৱ আৰু দেৱত্বৰ দোমোজাত বাবে কৃষ্ণৰ দৰে তেওঁলাকক মানৱ বুলিবও পাৰি, দেৱতাও বুলিব পাৰি। গতিকে কৃষ্ণত দেৱত্ব কিয়, পূৰ্ণ ব্ৰহ্মত্বৰ আৰোপো সেই বাবে অস্বাভাৱিক নহয়। গুপ্ত যুগতে সাত্বত বাসুদেৱৰ কৃষ্ণ-ধৰ্মই সম্পূৰ্ণ বৈষ্ণৱ ধৰ্মৰ ৰূপ পোৱাৰ লগতে অৱতাৰবাদেও পৰিপুষ্টি লাভ কৰিছে। মহাভাৰতৰ নাৰায়ণীত (১২৷৩৪৯৷৩৭) বৰাহ, বামন, নৰসিংহ, বাসুদেৱ আদি অৱতাৰৰো উল্লেখ আছে; আন এখনত হংস, কূৰ্ম, মৎস আৰু কল্কি অৱতাৰৰ লেখ লৈছে। তোৰমানৰ কালৰ এৰান্ লিপিত বৰাহ অৱতাৰৰ স্পষ্ট উল্লেখ আছে আৰু জুনগধ লিপিত বামন অৱতাৰ সঙ্কেত পোৱা হয়। এই যুগৰ কোনো লিপিত শ্ৰীৰাম অৱতাৰৰ উল্লেখ নাথাকিলেও, কালিদাসৰ “মেঘদূত”ত (৫,১৫) কৃষ্ণৰ বৰ্ণনা থকাৰ দৰে ৰঘুবংশত “ৰামাভিধানো। হৰিঃ” (১৩৷১) বুলিছে। মৎস পুৰাণত (১৷৩২৪) বুদ্ধদেৱো আন আন অৱতাৰৰ ভিতৰত সোমাইছে। এইদৰে সেই কালতে দশ অৱতাৰ প্ৰায় সম্পূৰ্ণকৈ সোমাইছে; মাধৱদেৱৰ ভাষাৰে—

“মৎস কৰ্ম নৰসিংহ  বামন পৰশুৰাম
  হলিৰাম বৰাহ ৰাম।
বুদ্ধ কল্কি নামে দশ  আকৃতি ধৰিছা কৃষ্ণ
  তযু পাৱে কৰোঁহোঁ প্ৰণাম।” ৩। ঘোষা।

যেনেকৈয়ে হওক, ৰামানন্দৰ প্ৰচাৰৰ আগত ৰাম অৱতাৰৰ প্ৰাধান্য নাহিল; সম্ভৱ, দক্ষিণ ভাৰতৰ ধৰ্মত ই উত্তৰ ভাৰতৰ দাবী ৰূপেই স্বভাৱতে সোমাইছিল। সেইদৰে গীতাৰ “সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ” ধৰ্মত লক্ষ্মী, সীতা, ৰাধা আদিৰে যুগল-উপাসনাৰ পদ্ধতি কেনেকৈ কেতিয়া সোমাবলৈ পালে সিও বিশেষ মন কৰিব লগা কথা। পোনতে, বিশিষ্টাদ্বৈতবাদী ৰামানুজৰ উপাসনা- বহুল শ্ৰীসম্প্ৰদায়তে লক্ষ্মী-বিষ্ণুৰ দ্বৈত উপাসনা সোমায়; সাংখ্য