পৃষ্ঠা:Yugnayak Sankardeva.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৯
ৰামানুজৰ পৰৱৰ্তী প্ৰচাৰকসকল

ফণা মণি কৰে তিৰিমিৰি।
তান শৰীৰত সুখাসনে।
সুন্দৰ শৰীৰ মেঘ শ্যাম।
প্ৰসন্ন বদন মনোহৰ।
অদ্ভুত ৰূপ দেখি ধনঞ্জয়।
আত্মাক কৃষ্ণে দৰশন পাই।
অৰ্জুনো দণ্ডৱতে পড়ি আগে।
বিষ্ণুৰ পৰম মহিমা দেখি।
দেখিয়া পাছে দুইকো চক্ৰপাণি।
তোমৰা নৰ-নাৰায়ণ দুই।
ধৰ্মক দ্বিজক ৰাখিবে লাগি।
পৃথিৱীৰ সৱে ভাৰ সংহৰি।
তোমৰা দুইক দেখিবাক মন।
ভৈলোঁ দেখাদেখি অচিৰকালে।
যদি’ পূৰ্ণ কাম দুয়ো তোমৰা।
হাসিয়া এহি বুলি চক্ৰপাণি।
দিলন্ত কৃষ্ণ-অৰ্জুনৰ হাতে।
তোমাৰ আজ্ঞাক পালিবোঁ স্বামী।
এহি বুলি কৃষ্ণ-অৰ্জুন দুই।
ব্ৰাহ্মণৰ সৱে পুত্ৰক লৈলা।

   

প্ৰকাশন্ত যেন শুক্লগিৰি॥
প্ৰকাশন্ত বসি নাৰায়ণে॥ ১৬০২।
পীত বস্ত্ৰে অতি অনুপাম॥
আয়ত লোচন ৰুচিকৰ॥ ১৬০৩।
কম্পিল শৰীৰ ভৈলন্ত ভয়॥
পড়ি প্ৰণমিল মাথা দোঁৱাই॥ ১৬০২।
নমিলা গৈয়া অতি অনুৰাগে॥
কৰিলা কৰষোৰ দুই সখি॥ ১৬১০।
হাসিয়া হেন বুলিলন্ত বাণী॥
ভৈলা অৱতাৰ মনুষ্য হুই॥ ১৬১১।
ব্ৰহ্মদেৱে দুইকো নিলন্ত মাগি॥
আসা মোৰ ঠাইক সত্বৰ কৰি॥১৬১২।
আনিলোঁ সৱে দ্বিজপুত্ৰগণ॥
পৃথিবী এড়ি আসা সকলে॥১৬১৩।
সৃষ্টিৰ অৰ্থে আসি তপ কৰা॥
ব্ৰাহ্মণৰ দশ পুত্ৰক আনি॥৬১১০।
নমিলা পাছে দুয়ো প্ৰণিপাতে॥
থাকিয়ো গৃহক লড়িলোঁ আমি॥১৬১৫।
উঠিলা ৰথত আনন্দ হুই॥
পুৰাণি পথে দ্বাৰকা গৈলা॥”১৬১৬।

 গীতাতো কৃষ্ণ প্ৰত্যক্ষভাৱে ৰাজকোঁৱৰেই; অত্যন্ত আৱশ্যক বুজি অৰ্জুনৰ নিতান্ত প্ৰত্যয় জন্মাবৰ বাবে অগত্যা তেওঁৰ ভিতৰৰ পূৰ্ণব্ৰহ্ম ৰূপ দেখুৱাইছে। এই প্ৰসঙ্গত শতপথ ব্ৰাহ্মণৰ (৫৷২, ৫৷৩) “মানুহেই বিষ্ণু”বোলা আচৰিত আৰু আৰু মহৎ উক্তিটি সদায় মনত ৰাখিব লাগিব; কৃষ্ণয়ে পূৰ্ণব্ৰহ্ম ৰূপ দেখুওৱাৰ আগ মুহূৰ্তত অৰ্জুনৰ সন্দেহৰ উল্লেখ কৰি কৈছে দৈৱকী-পুত্ৰ অৰ্থাৎ মানুহ ৰূপে সকলো