পৃষ্ঠা:Yugnayak Sankardeva.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০১
ৰামানুজৰ পৰবৰ্তী প্ৰচাৰকসকল

দৰ্শনৰ প্ৰকৃতি-পুৰুষ, সেই কালত তিৰুতাৰ সমস্বত্ব দাবী বা দাক্ষিণাত্যৰ ইতৰ সমাজৰ “আম্মন” দেৱীৰ পূজাক তেওঁৰ প্ৰচাৰিত ধৰ্মৰ অন্তৰ্গত কৰাৰ চেষ্টা, এনে যি কাৰণেই হওক, গীতৰ এক শৰণ ধৰ্মত এই দ্বৈত শৰণ সুমুওৱাৰ বাবে ৰামানুজেই দায়ী। তাৰ পাছত ৰামানন্দৰ প্ৰচাৰিত ধৰ্মত সীতা-ৰাম আৰু চৈতন্যদেৱৰ প্ৰচাৰিত ধৰ্মত ৰাধা-কৃষ্ণৰ দ্বৈত উপাসনা সোমায়। সৌভাগ্যৰ বিষয়, শঙ্কৰদেৱৰ ধৰ্ম তেনে এক-শৰণ-বিৰোধী প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত।