সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৮
যুগনায়ক শঙ্কৰদেৱ

আৰু খৃষ্টপূৰ্ব পঞ্চম শতিকাৰ পতঞ্জলিৰ বাবেও সেই ঘটনা বহু পূৰ্ববৰ্তী বুলি প্ৰমাণ কৰে। গতিকে বাসুদেৱৰ জন্ম আৰু কংস-বধ আদি ঘটনা খৃষ্টপূৰ্ব সহস্ৰেক বছৰৰ আগৰ বোলা সমীচীন, কিন্তু গ্ৰীক দূত হেলিয়ডৰাৰ নিচিনা উচ্চ সংস্কৃতিৰ লোকেও তেওঁক “দেৱ-দেৱ” বুলিবলৈ, বা গীতাত পূৰ্ণব্ৰহ্মৰ আসনত বহিবলৈ, তেওঁক নিশ্চয় পাঁচ হয় শ বছৰ লাগিছিল।

 ইয়াৰ ভিতৰতে বিষ্ণু (সূৰ্য্য) দেৱতাৰ উপৰি নাৰায়ণ প্ৰভৃতি দেৱতাৰ লগতে বাসুদেৱ একীভূত হয়। পোনতে বিষ্ণু পৰমেশ্বৰ, আৰু কৃষ্ণ তেওঁৰ পূৰ্ণ অৱতাৰ আছিল; “বিপ্ৰপুত্ৰ আনয়ন”ত কৃষ্ণই অৰ্জুনক লৈ গৈ বিষ্ণু দেখা পাই প্ৰণাম কৰাৰ কথা শঙ্কৰদেৱে “কীৰ্ত্তন”ত বিতোপনকৈ বৰ্ণাইছে :

“অজুনক বুলি হেন বাণী।
ধৰিল উত্তৰ দিশ পথ।
সাতোখান পৃথিবী এড়াইল।
ধৰি মহা মনোজয় গতি।
প্ৰৱেশিলা ঘোৰ অন্ধকাৰে।
হেন দেখি যোগেশ্বৰ হৰি।
মহা ৰশ্মিপুঞ্জে পসৰাই।
যেন ৰাঘৱৰ শৰজাক।
হাজাৰেক সূৰ্য্য যেন জ্বলে।
ঘোৰ তমো তৰিয়া সত্বৰে।
ৰশ্মি লাগি চক্ষু ফুটে দেখি।
তাক এড়ি জল পাইলা গই।
পাছে ধনঞ্জয় যদুৰাজে।
দুয়ো গৈয়া দেখিলে প্ৰত্যেক।
দিব্য গৃহ প্ৰকাশন্তে আছে।
অনন্তক গৈয়া ভৈলা ভেট।

   

দিব্য ৰথে চড়ি চক্ৰপাণি।
অৰ্জুন ডাকতে যান্ত ৰথ॥ ১৫৯৪।
গৈয়া সাতো সাগৰ ছড়াইল।
গৈলা লোকালোকৰ সিভিতি॥১৫৯৫
ঘোড়া আৰ যাইবাক নপাৰে।
আগক হানিলা চক্ৰ ধৰি। ১৫৯৬।
আগত কিৰণে ফাড়ি যায়।
বিদাৰয় ৰাক্ষস সেনাক। ১৫৯৭।
তাহাৰ পাছত ঘোড়া চলে॥
জ্যোতিপুঞ্জ পাইলা তাত পৰে।১৫৯৮।
মুদিলা অৰ্জুনে দুই আখি॥
ঘোৰ উৰ্মি বায়ু উথলয়। ১৫৯৯।
প্ৰবেশিলা সেহি জল মাঝে।
ফটিকৰ স্তম্ভ হাজাৰেক॥ ১৬০০।
পশিলা ভিতৰ তাৰ পাছে॥
তুলি আছে হাজাৰেক ফেট।১৬০১।