পৃষ্ঠা:Yugnayak Sankardeva.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৭
ৰামানুজৰ পৰবৰ্তী প্ৰচাৰকসকল

সাশ্বত (ভাগৱত, একান্তিক বা পঞ্চৰাত) ধৰ্ম মূলতে ঘোৰ আঙ্গিৰসৰ বিষ্ণু (সূৰ্য্য) উপাসনা-শিক্ষাৰ ভিতৰেদি ওলোৱা—“সাত্বতম বিধি- মান্থায় প্ৰাকসূৰ্য্যমুখনিঃসৃতম্” (নাৰায়ণীয়, শাক্তিপৰ্ব, ১২।৩৩৫৷১৯)। যদু বা বৃষ্ণি বা সাত্বত পৰিয়ালৰ বাসুদেৱৰ পৰাই উদ্ভৱ হৈছে বুলি ইয়াৰ নাম সাত্বত ধৰ্ম, ভাগৱত ধৰ্ম ইত্যাদি। মহা বসুদেৱৰ পুতেক বাবে বাসুদেৱ বোলা হৈছে ( ৩১৪৮) যদিও, ঠায়ে ঠায়ে তাৰ এনে আধ্যাত্মিক অৰ্থ দিবৰ চেষ্টা কৰা হৈছে—

“বসনাৎ সৰ্বভূতানাং বসুত্বাদ্দেৱে যোনিতঃ।
বাসুদেৱাস্ততো বেদ্যঃ বৃহত্ত্বাদ বিষ্ণুৰুচ্যতে॥” ৫৷৭০৷৩।
“ছাদয়ামি জগদবিশ্বম্ ভূত্বা সূৰ্য্য ইবামশুভিঃ।
সৰ্বভূতাধিৱাশ্চ বাসুদেৱস্ততেহ্যহম্।” ১২।৩৪১৷৪১।

 মহাভাৰততেই (১৷১৮৬৷১২) এক পৌণ্ড্ৰ ৰজা নকল বাসুদেৱ ৰূপে উল্লেখিত আছে; কিন্তু যেনে তেনে মথুৰাৰ ৰাজকোৱঁৰ দৈৱকী-পুত্ৰই ঘাই বাসুদেৱ সন্দেহ নাই। শান্তি পৰ্বতেই আছে--

“সমুপোধ্যে স্বামিকক্ষু কুৰু পাণ্ডৱয়োৰ্মৃদ্ধে।
অৰ্জুনে বিমনষ্কে চ গীতা ভগৱতা স্বয়ম্॥” ১২৷৩৪৮৷৮

মহাভাৰতে উল্লেখ কৰা “সানুজ” (২৭৯২৩) অৰ্থাৎ বললাম ভায়েক বাসুদেৱ কৃষ্ণই যে ভাগৱত বা সাত্বত সম্প্ৰদায়ৰ উপায় আছিল, খৃষ্টপূৰ্ব প্ৰথম আৰু দ্বিতীয়ৰ ভাগৱত লিপিববাৰেই প্ৰমাণ কৰে। ভাণ্ডাৰকাৰৰ মতে মেগাস্থেনিছ আৰু আৰিয়া প্ৰভৃতি গ্ৰীক লেখকসকলে উল্লেখ কৰা সৌৰসেনীবিলাকেই সাত্বক, তেওঁলোকে বিশেষ সম্মান কৰা হেৰাকলছ কৃষ্ণ, আৰু মথুৰাৰ বাহিৰে দ্বিতীয় নগৰ ক্লৈশোবোৰৰ নাম কৃষ্ণপুৰ ভিন্ন একো নহয়। মেগাস্থেনিছ দুই শতিকাৰ পৰবৰ্তী পতঞ্জলিৰ “চিৰহতে কংসে”, “প্ৰহৰ দৃশ্যন্তে কংসস্য চ অসাধুৰ্মাতুলে কৃষ্ণঃ ,” আৰু মহাভাষ্যৰ “জঘান কংস কিল বাসু দেৱঃ” আদিয়ে কংস-হত্যাকাৰী কৃষ্ণ আৰু বাসুদেৱ একেজন,