সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৬
যুগনায়ক শঙ্কৰদেৱ

গুহদেৱ, ভাৰুচি, ব্ৰহ্মনন্দী, দ্ৰমিড়, পৰাঙ্কুশনাথ প্ৰভৃতিয়ে ভক্তিবাদৰ বাবে তেনে বাট চোঙাই থৈ গৈছে। মহাভাৰতৰ শান্তিপৰ্বত উল্লেখ কৰা সাত্বত, পঞ্চৰাত্ৰ বা ভাগৱত ধৰ্মৰ আলম লৈয়ে ৰামানুজে এই মত প্ৰচাৰ কৰে বুলি ভাণ্ডাৰকাৰৰ দৰে পণ্ডিতেও কয়।

 ৰামানুজৰ (১০১৭-১১৩৭) পাছত নিম্বাৰ্ক (১১৯৭—?), মধ্ব (১১৯৭–?), বল্লভ (১৪৭৯-১৫৩১), ভাস্কৰ, বলদেৱ, প্ৰভৃতি আচাৰ্য্য- সকলে মৌলিক অদ্বৈতবাদৰ ওপৰতে সামান্য সাল-সলনিৰে নিজ নিজ মতবাদ প্ৰচাৰ কৰে। নিম্বাৰ্কৰদ্বৈতাদ্বৈতবাদমতে ব্ৰহ্ম স্বৰূপতে সগুণ- নিৰ্গুণ দুইটাই; ব্ৰহ্মৰ পৰাই জীৱ আৰু জগতৰ উৎপত্তি হলেও ব্ৰহ্ম উভয়ৰে অতীতৰূপে আছে দেখি বিভিন্ন, আৰু জীৱ আৰু জগৎ ব্ৰহ্মৰ পৰাই ওলাই ব্ৰহ্মতেই লয় পাব দেখি অভিন্ন। মধ্বৰ স্বতন্ত্ৰা- স্বতন্ত্ৰবাদ মতে ব্ৰহ্মা বিষ্ণুৰ স্বতন্ত্ৰ (স্বাধীন তত্ত্ব) আৰু জীৱ আৰু জগত দুয়ো অস্বতন্ত্ৰ (ব্ৰহ্মাৰ অধীন তত্ব); জীৱ আৰু জগত ব্ৰহ্মৰ পৰা সদায় পৃথক, কেতিয়াও এক নহয়। সেৱাৰ দ্বাৰা সাৰূপ্য, সাযুজ্য বা সালোক মুক্তি লাভ কৰি তেওঁৰ সান্নিধ্য লাভ কৰিব পাৰি, ইমানেই। ৰামানুজৰ লগত এওঁৰ মত কেৱল দ্বৈতবাদৰ মাত্ৰাৰ আধিক্যত পৃথক। বল্লভৰ শুদ্ধ দ্বৈতবাদ মত অনুসাৰে ব্ৰহ্ম আৰু জীৱ উভয়েই শুদ্ধ; গোলক ধামৰ কৃষ্ণৰূপী ব্ৰহ্মক পতি বুলি নিজক গোপী ভাব কৰি সেৱা কৰাই মোক্ষৰ প্ৰকৃষ্ট উপায়। চৈতন্য দেৱৰ ধৰ্ম এই বল্লভপন্থী। ভাস্কৰৰ ভেদাভেদবাদ মতে জীৱ আৰু জগত উভয়েই ব্ৰহ্মৰ লগত কাৰ্য্যৰূপে ভেদ, কিন্তু কাৰণৰূপে অভেদ; ব্ৰহ্মই ভোগ্য শক্তিত জগৎৰূপে আৰু ভোক্তৃশক্তিত জীৱৰূপে পৰিণত। বলদেৱৰ অচিন্ত্য-ভেদাভেদবাদ মতে জীৱই মুক্তিলাভ কৰিলেও নিৰ্বিকাৰ ব্ৰহ্মৰ লগত অভেদ হব নোৱাৰে; আৰু অচিন্ত্য শক্তি বলেৰে জগত ব্ৰহ্মৰেই পৰিণাম আৰু সত্য। অলপ মন কৰিলেই দেখিবলৈ পোৱা হয়, শঙ্কৰদেৱে এওঁলোকৰ এজনৰো মত সম্পূৰ্ণ মানি নলৈছিল।

 বৈষ্ণৱ ধৰ্মৰ পূৰ্বৰ বিৱৰ্তনলৈ এইখিনিতে আকৌ উলটি চাবলগীয়া।