পৃষ্ঠা:Yugnayak Sankardeva.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৫
ৰামানুজৰ পৰৱৰ্তী প্ৰচাৰকসকল

পৰা ওলোৱা হেতুকেই জীৱ আৰু জগত তেনেই অসৎ নহয়, ইহঁতৰ এটা আপেক্ষিক আৰু সুকীয়া সত্তা আছে; আৰু সেই বাবেই ব্ৰহ্ম আৰু জীৱ একে নহয়, ভিন্। এই মতে, যেনেকৈ জুই আৰু ফিৰিঙতিৰ, গছ আৰু ডাল-পাতৰ, ভেদ আছে, তেনেকৈ ব্ৰহ্ম আৰু জীৱৰ ভেদ আছে; এই ভেদ জাতিগত নহব পাৰে, স্বগত নিশ্চয় হয়। ব্ৰহ্ম সৰ্বজ্ঞ আৰু সৰ্বশক্তিমান, জীৱ অল্পজ্ঞ আৰু অল্পশক্তিমান, ব্ৰহ্ম দুঃশাতীত আৰু অখণ্ড, জীৱ দুঃখধীন আৰু খণ্ড। ঘুৰি গৈ ফিৰিঙতি যেনেকৈ জুই, আৰু ডাল-পাত গছ, হবগৈ নোৱাৰে; জীৱও তেনেকৈ ঘুৰি ব্ৰহ্ম হবগৈ নোৱাৰে : কেৱল মুক্তিলাভৰ দ্বাৰা ব্ৰহ্মৰ সন্নিধি লভিব পাৰে।

 বিশিষ্টাদ্বৈতবাদ মতে ভগৱানে লীলাবশতঃ অৰ্চ্চা” (প্ৰতিমাদি), “বিভৱ” (ৰামাদি অৱতাৰ), “ব্যূহ” (বাসুদেৱ, সঙ্কৰ্ষণ, প্ৰদ্যুম্ন আৰু অনিৰুদ্ধ), “সূক্ষ্ম” (পাপহীনতা, ৰজঃ শূন্যতা, অমৰ, বিশোকত্ব, অক্ষ- ৰত্ব আৰু সত্যকাম-সত্যসঙ্কল্পৰ পৰব্ৰহ্ম), “অন্তৰ্য্যামী” (জীৱৰ নিয়ামক)—এই পাঁচৰূপে অৱস্থান কৰে; অৰ্থাৎ অৰ্চ্চা-উপাসনাৰ দ্বাৰা পাপক্ষয় হলে সাধক বিভৱ-উপাসনাৰ অধিকাৰী হয়; তাৰ পাছত ব্যূহ-উপাসনাৰ অধিকাৰী হৈ সুক্ষ্ম-উপাসনাত নিৰত হলেহে শেষত অন্তৰ্য্যামীৰ উপাসনা কৰিব পাৰে। কোনো-কোনো মতে অভিগমন, উপাদান, কথা, অধ্যায় আৰু যোগ, বিশিষ্টাদ্বৈতবাদে এই পাঁচ-উপাসনা স্বীকাৰ কৰে।

 দেখাতেই ৰামানুজৰ এই উপাসনা-বহুল পদ্ধতিৰ লগত শঙ্কৰদেৱ এচাৰিত নামধৰ্মৰ এফেৰিও ৰাহি নাহে; বৰঞ্চ “সো’হং” বা “অহং ব্ৰহ্মাস্মি’’জ্ঞা-উপাসনা-পদ্ধতিৰ বাহিৰে সৰহখিনি কথাত শঙ্কৰাচাৰ্য্যৰ মতবাদৰ লগত যে মিল আছে তাক আগতে দেখুওৱা হৈছে। বিশিষ্টা- দ্বৈতবাদ মত ভক্তিবাদৰ সপক্ষ সচা, কিন্তু ৰামানুজ, যমুনা বা্ ৰঙ্গনাথ আন নালাগে শথগোপ (শথাৰি) কাকো তাৰ প্ৰথম আৱিস্কাৰক বুলিব নোৱাৰি; তেওঁলোকৰ বহুত আগত যথাক্ৰমে বোধায়ন,