সমললৈ যাওক

দন্দুৱা দ্ৰোহ/সপ্তম অধ্যায়

ৱিকিউৎসৰ পৰা

[ ৩৪ ]
সপ্তম অধ্যায়

—————
হৰদত্ত বীৰদত্ত


আমি এই খিনিতে হৰদত, বীৰদতৰ সম্বন্ধে, তেওঁলোকৰ থকা ঠাই আৰু ইতিবৃত্তৰ বিষয়ে, অলপ চমুকৈ হলেও কব লগাত পৰিলোঁ। হৰদত বীৰদত কলিতা কুলোদ্ভব দুজনা কামৰূপীয়া ডাঙৰ মানুহ আছিল। সেই সময়ত হৰদত পূবপাৰ মৌজাৰ চৌধাৰী আছিল। হৰদত চৌধাৰী নিয়মিত ওখ আৰু বগা বৰণৰ আছিল। তেওঁৰ মূৰত পাহ কটা চুলি। চলনে-ফুৰণে, দেখোনে শুৱনি আৰু ভৰকিয়াল বিধৰ মানুহ আছিল। তেওঁৰ ভায়েক বীৰদত্ত দৰাচলতে বীৰদত্তই আছিল। তেওঁ বৰ ওখ, হটঙা, ডাঙৰদীঘল, বাহুবলী দৈত্য সদৃশ পুৰুষ আছিল। আহোম ৰজা সকলৰ ভিতৰত ৺গদাধৰ সিংহ যেনেকুৱা বীৰ আৰু দৈত্য পুৰুষ আছিল, প্ৰবাদ আছে কামৰূপীয়া হিন্দু সকলৰ ভিতৰতো হেনো বীৰদত্ত সেই লেখিয়া পুৰুষ আছিল। তেওঁৰ গাত হেনো ইমান বল আছিল যে তেওঁ বনৰীয়া গলধন ধৰা মতা মহ এটাকো শিঙত ধৰি হেচুকি বহুৱাব পাৰিছিল। বলী হবৰে কথা। অসমৰ কায়স্থ কলিতা আগৰ ক্ষত্ৰিয়হে। প্ৰভু ৺শঙ্কৰদেৱৰ চৰিত্ৰতে

[ ৩৫ ]

আছে প্ৰভুৰ গাত কিমান বল আছিল। প্ৰভুয়ে দুৰ্দ্দান্ত ষাঁড়কো মৰ্দ্দন কৰিছিল। আমি ডেকা কালত কামৰূপত কাম কৰোঁতে যি সকল কায়স্থ, কলিতা বন্ধু আৰু মানুহ পাইছিলোঁ সেই সকলৰ ভিতৰতো অনেকৰ গাৰ গঠন আৰু চেহেৰা বলী দেখিছিলোঁ। আমাৰ বয়সৰ সকলে মনত কৰি চাওকচোন ৺গোবিন্দ ৰাম চৌধাৰী, ৺ললিত ৰাম চৌধাৰী, ৺চানাৰাম পেস্কাৰ, ৺পৃথুৰাম চৌধাৰী, ৺হৰদত্ত চৌধাৰী, ৺ভবানন্দ চৌধাৰী আৰু বৰ্ত্তমান কালতো পেঞ্চন ভোক্তা চিৰস্তাদাৰ শ্ৰীযুত গোপালচন্দ্ৰ চৌধাৰী, শ্ৰীযুত মাধব ৰাম চৌধাৰী, এই সকল কেনে ওখ, ডাঙ্গৰ দীঘল, হটঙা আৰু সভা শুৱনি মানুহ। এই সকলৰ পূৰ্ব্ব পুৰুষ সকল যে আৰু ডাঙ্গৰ দীঘল বলী আছিল তাত অকণো সন্দেহ নাই। হৰদত্ত চোধাৰীৰ ঘৰ আমি পাতনিত উনুকিওৱা সেই জিকেৰিতে আছিল।
       জিকেৰি অৰণ্যত আমি যি চিন চাব দেখিছিলোঁ তাৰ পৰা অনুমান কৰোঁ—হৰদত্ত চৌধাৰীৰ হাউলি এই লেখিয়া আছিল:-
       তেওঁৰ হাউলিৰ পূব আৰু দক্ষিণে পুঠিমাৰি নৈ অৰ্থাৎ নৈখন প্ৰথমতে দুইমাইলমান ওপৰৰে পৰা উত্তৰ দক্ষিণাকৈ বই তেওঁৰ হাউলিৰ কাষৰে পৰা ভাজ খাই পচিম মুখে ঘূৰিছে আৰু এই নৈয়েই হাজোৰ ওচৰত চেচা নাম পাইছে।

[ ৩৬ ]        তেওঁৰ হাউলিৰ বেৰ প্ৰায় দহ পুৰা মাটি। চাৰিও ফালে ওখ ঢাপ মৰা। পূবৰ তেওঁৰ হাউলিৰ ঢাপ নৈৰ পৰা ৪০ টাৰ মান আঁতৰ আৰু দক্ষিণৰ পৰাও প্ৰায় সিমানেই আঁতৰ। হাউলিৰ ঘাই মুখ পুবফালে। নৈৰ পৰা তেওঁৰ ঢাপলৈকে এটা ওখ আলি। আলিৰ দুইকাষে দুশাৰী নাৰিকলৰ গছ। আলিটো নৈৰ পূব পাৰেদিও পাচঁটাৰ মান পূবমুখলৈ গই দক্ষিণ মুখলৈ ঘূৰি চিলাৰ চকিত ওলাইছে গই। আলিৰে গইয়েই পোনেই তেওঁৰ চৰাঘৰটো পোৱা যায়। চৰাঘৰৰ উত্তৰৰ ফালে এখন ফুলনি আৰু একেবাৰে পুব উত্তৰ কোণত এটা মাজলীয়া বিধৰ পুখুৰী। সেই পুখুৰীৰ পাৰতে এটা মন্দিৰ। মন্দিৰৰ কাষতে এটা আলহী থকা ডাঙ্গৰ ঘৰ। চৰাঘৰৰ দক্ষিণেও এখান ফুলনি। সেই ফুলনিৰ দক্ষিণে চৌধাৰীৰ নিজা গোসাই ঘৰ। সেই গোসাই ঘৰলৈ বাহিৰ ফালৰ পৰাও যাব পাৰি আৰু ভিতৰ চোতালৰ পৰাও চকোৱাৰ আগেদি সোমাব পাৰি। তেওঁৰ শোৱা ঘৰটো পূব-পশ্চিমা। ভায়েক বীৰদত্তৰটোও সেই লেখিয়া। তেওঁৰটো দক্ষিণ ফালে ভায়েকৰটো উত্তৰ ফালে। দুয়ো ঘৰতে ধোৰা লগাকৈ এটা মাৰল ঘৰ। পশ্চিমৰ ফালে ৰান্ধনি ঘৰ; এই বিলাক ঘৰৰ মাজতে এখান চোতাল। ৰান্ধনি ঘৰৰ উত্তৰে আকৌ নিজা জ্ঞাতিবৰ্গ থাকিব পৰা এটা

ঘৰ। বীৰদত্তৰ শোৱনি ঘৰৰ উত্তৰ ফালে সাতোটা ভঁড়াল [ ৩৭ ] ঘৰ। হৰদত্তৰ শোৱনি ঘৰৰ দক্ষিণে বৰ দীঘল এটা গোহালি ঘৰ আৰু গোসাই-ঘৰৰ পোনে পোনে দীঘলকৈ সাত ঘৰ বেটী বান্দী থকা ঘৰবিলাক। গোহালি ঘৰলৈ বাহিৰৰ ফালৰ পৰাও যাব পাৰি আৰু ভিতৰৰ পৰাও যাব পাৰি। ৰান্ধনি ঘৰৰ পচিমে বৰ ডাঙ্গৰ তামোল পাণৰ বাৰী। সেই বাৰীৰ মাজেদি এটা বহল বাট। এই বাটেদি অলপ গ’লেই ভিতৰ বাৰীত এটা ডাঙ্গৰ চাৰিচুকীয়া পুখুৰী। সেই পুখুৰীৰ পাৰবিলাকত নানা তৰহৰ সুগন্ধি ফুলৰ গছ। পুখুৰীটোত ৰাজহাঁহ পাতহাঁহ চৰে। ঘাটতো পকা-ইটাৰে বন্ধোৱা। পুখুৰীৰ পাৰত বহিবলৈ বৰ চিকুন দুৰ্ব্বা ঘাহঁ। ফুলনিৰ সুগন্ধে পুখুৰীৰ দৃশ্যে দৰাচলতে মন মোহিত কৰে। তেওঁৰ ওখ চাৰি ঢাপৰ বাহিৰে পূবে দক্ষিণে পশ্চিমে মুকলি পথাৰ। তাত তেওঁৰ বেটী বন্দীসকলে আহু, সৰিয়হ, মাহ, মুগ শাক পাচলি, ধপাত, কুঁহিয়াৰ ইত্যাদিৰ খেতি কৰিছিল। তেওঁৰ ঢাপৰ উত্তৰ ফালে আন আন গঞাঁ মানুহৰ বসতি আছিল। সেই সময়ত এই জিকেৰি গাওঁখান শস্যে, মৎস্যে অনুপম আছিল। তেওঁৰ ঢাপৰ বাহিৰে পশ্চিমে দ মাটি। তাত তেওঁ শালী খেতি কৰাইছিল।

————————