তেওঁৰ হাউলিৰ বেৰ প্ৰায় দহ পুৰা মাটি। চাৰিও ফালে ওখ ঢাপ মৰা। পূবৰ তেওঁৰ হাউলিৰ ঢাপ নৈৰ পৰা ৪০ টাৰ মান আঁতৰ অাৰু দক্ষিণৰ পৰাও প্ৰায় সিমানেই আঁতৰ। হাউলিৰ ঘাই মুখ পুবফালে। নৈৰ পৰা তেওঁৰ ঢাপলৈকে এটা ওখ আলি। আলিৰ দুইকাষে দুশাৰী নাৰিকলৰ গছ। আলিটো নৈৰ পূব পাৰেদিও পাচঁটাৰ মান পূবমুখলৈ গই দক্ষিণ মুখলৈ ঘূৰি চিলাৰ চকিত ওলাইছে গই। আলিৰে গইয়েই পোনেই তেওঁৰ চৰাঘৰটো পোৱা যায়। চৰাঘৰৰ উত্তৰৰ ফালে এখন ফুলনি আৰু একেবাৰে পুব উত্তৰ কোণত এটা মাজলীয়া বিধৰ পুখুৰী। সেই পুখুৰীৰ পাৰতে এটা মন্দিৰ। মন্দিৰৰ কাষতে এটা আলহী থকা ডাঙ্গৰ ঘৰ। চৰাঘৰৰ দক্ষিণেও এখান ফুলনি। সেই ফুলনিৰ দক্ষিণে চৌধাৰীৰ নিজা গোসাই ঘৰ। সেই গোসাই ঘৰলৈ বাহিৰ ফালৰ পৰাও যাব পাৰি অাৰু ভিতৰ চোতালৰ পৰাও চকোৱাৰ আগেদি সোমাব পাৰি। তেওঁৰ শোৱা ঘৰটো পূব-পশ্চিমা। ভায়েক বীৰদত্তৰটোও সেই লেখিয়া। তেওঁৰটো দক্ষিণ ফালে ভায়েকৰটো উত্তৰ ফালে। দুয়ো ঘৰতে ধোৰা লগাকৈ এটা মাৰল ঘৰ। পশ্চিমৰ ফালে ৰান্ধনি ঘৰ ; এই বিলাক ঘৰৰ মাজতে এখান চোতাল। ৰান্ধনি ঘৰৰ উত্তৰে আকৌ নিজা জ্ঞাতিবৰ্গ থাকিব পৰা এটা
ঘৰ। বীৰদত্তৰ শোৱনি ঘৰৰ উত্তৰ ফালে সাতোটা ভঁড়াল
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৩৬
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
