পৃষ্ঠা:জ্ঞান-মালা.djvu/৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪২
জ্ঞানমালা।

 ভাবি চোৱাচোন খন্তেকীয়া সামান্য সুখৰ কাৰণে মিছা ধেমালি কৰি এই গৰখীয়া লৰা জনে নিজৰ কিমান দূৰ অনিষ্ট কৰিলে। হে সৰু লৰা ছোৱলী বিলাক সেই দেখি কওঁ মিছা কথা কেতিয়াও নকবা। যদি কেতিয়াবা দোষ কৰা দোষ গাত পাতি লবা। শাস্তিলৈ ভয় কৰি সেই দোষ লুকাবলৈ চেষ্টা নকৰিবা। যি জনে সঁচা কথা কবলৈ ভয় নকৰে তেওঁহে আচল বীৰ। শাস্তিলৈ ভয় কৰি যিবিলাকে মিছা কথা কয় সৰ্ব্বগুণী হলেও তেওঁবিলাকে কাপুরুষ নাম পায়।

 দোষ কৰি মিছা কথাৰে ঢাকিবলৈ চেষ্টা কৰা বৃথা। মিছা কথাৰ ঠেং চুটি; সময়ত আচল কথা ওলাবই। দোষ স্বীকাৰ কৰি ক্ষমা খুজিলে তোমাৰ অভিভাবকৰ পৰা ক্ষমা পাবৰ সম্ভব। কিন্তু মিছা কথা কই ধৰা পৰিলে এই গৰখীয়া লৰা জনৰ দৰে তোমাক সতকায় মানুহে পতিয়াব নুখুজিব। সংসাৰত বেয়া নাম আৰ্জ্জিবলৈ যেনে ঢিলা সুনাম পাবলৈ তেনে টান। চৰিত্ৰত এবাৰ কলঙ্কৰ চেকা লাগিলে হাজাৰ চেষ্টা কৰিও তাক এৰুৱা টান।