জ্ঞান-মালা/ঈশ্বৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জ্ঞান-মালা
লেখক হেমপ্ৰভা দাস

[ ৬০ ]

ঈশ্বৰ।

 ঈশ্বৰক মানুহে চকুৰে দেখা নেপায় কিন্তু চাৰিও ফালৰ সকলো বস্তুয়ে তেওঁ যে আছে তাৰ উজ্জ্বলভাৱে প্ৰমাণ দিব লাগিছে। কাৰ আজ্ঞাত চন্দ্ৰ সূৰ্যই আকাশত নিতৌ উদয় হই আমাক কিৰণ যোগাব লাগিছে? এই যে পৰ্ব্বত বিদাৰি নৈ ওলাই আমাক পিয়াহত পানী যোগাইছে; আমাক বিদেশলৈ অহা [ ৬১ ] যোৱা কৰাৰ সুচল কৰি দিছে, এইয়ানো কাৰ দান? ইয়াৰ স্ৰজোঁতা নো কোন? এটা ঘট দেখিলে এই ভাৰ আপোনা আপুনি মনলৈ আহে যে নিশ্চয় ইয়াৰ এজন কৰোঁতা আছে। এটা সামান্য ঘট যেতিয়া কৰোঁতা নোহোৱাকৈ হব নোৱাৰে এই অসীম ব্ৰহ্মাণ্ডও যে আপুনি হোৱা নাই এইটো নিশ্চয়।

 আহা যাৰ কৃপাত আমি এই বিলাক লাভ কৰিছোঁ সেই সৰ্বশুভদাতাৰ চৰণত আমাৰ মনৰ কৃতজ্ঞতা জনাওঁ।

 তেওঁ ইচ্ছা কৰিলে চকুহীন হাতহীন কৰি আমাক জগতলৈ পঠাব পাৰিলে হেতেন; কিন্তু তাক নকৰি তেওঁ আমাক সম্পূৰ্ণ ইন্দ্ৰিয় দি স্ৰজিছে। জগতৰ কিমান অনাথ লৰা আছে; কিন্তু আমি সৰুৰে পৰা স্নেহময় আই-বোপাই বন্ধু-বান্ধৱৰ কোলাতে ইমান ডাঙ্গৰ দীঘল হইছোঁ। আহা এই বিলাক কৰুণাৰ কাৰণে পৰমেশ্বৰক অন্তৰৰ সৈতে ধন্যবাদ দিওঁ।

 ঈশ্বৰ প্ৰেমময়; পাতকী-পুণ্যৱান, ধনী-নিৰ্ধনী সকলোৱে তেওঁৰ সন্তান, কোনো পৰ নহয়। যি সূৰ্য্যৰ তাপ ও বতাহৰ দ্বাৰা আমি প্ৰাণ ৰক্ষা কৰিছোঁ জগতৰ পিতাই পাতকী বা নীহ বুলি কাকো তাৰ পৰা বঞ্চিত কৰা নাই। মানুহে যাক নীহ বুলি ঘিণায় পৰমেশ্বৰে তাক [ ৬২ ] তেওঁৰ বুকলৈ টানি লয়। পাপী বুলি মানুহে ঘিণত যাৰ কাষ চাপিব নোখোজে জগতৰ পিতা পৰমেশ্বৰে তেওঁৰ স্নেহময় কোলা সিহতৰ কাৰণে সদায় পাতি থৈছে। আহা আমিও জগৎপিতাৰ খোজে খোজে খোজ লবলৈ চেষ্টা কৰোঁ ৷ তেওঁৰ প্ৰেমময় প্ৰকৃতিৰ অনুকৰণ কৰি জগতৰ সকলোকে প্ৰেম বিলাই তেওঁৰ সন্তোষ সাধন কৰোঁ।

 আমাৰ পিতৃ-মাতৃৰ পৰা এটি নতুন পোষাক, এখনি নতুন পুথি পালে আমাৰ মন আনন্দত যেনেকৈ নাচি উঠে। সেই পোষাক আৰু পুথিত যাতে অলপো চেক নেলাগে তাৰ কাৰণে আমি বৰ যত্ন কৰোঁ ৷সেইদৰে আহা ঈশ্বৰৰ দান এই মানবজীৱনত যাতে অলপো অসৎকামৰ কলঙ্ক নপৰে তাৰ কাৰণে চেষ্টা কৰোঁ। দাতাই তেওঁৰ বস্তুৰ সদ্ব্যৱহাৰ হোৱা দেখিলে যেনে ৰঙ্গ পায় সেই বস্তুৰ অসদ্ব্যবহাৰে তেওঁৰ মনত তেনে কষ্ট দিয়ে। এই আমাৰ মানৱ জীৱন যদি সকলো প্ৰকাৰ সৎকামেৰে অলঙ্কৃত কৰিব পাৰোঁ তেনেহলে ঈশ্বৰে তেওঁৰ দানৰ সদ্ব্যৱহাৰ হোৱা দেখি যেনে সন্তোষ পাব তেনে সন্তোষ আমি একোৰে আৰু তেওঁক দিব নোৱাৰোঁ।

——————