পৃষ্ঠা:জ্ঞান-মালা.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
জ্ঞানমালা।

 কমলা। কিয় আই?

 মাক। এতিয়াৰ পৰা যদি তুমি ঘৰৰ কাম কৰিবলৈ অভ্যাস নকৰা আগলৈ গৃহস্থালী ভালকৈ চাব নোৱাৰিবা। মানুহৰ অভ্যাসেই কথা। সৰুতে যি অজ্ঞাস কৰে সেই অজ্ঞাস এৰা বৰ টান; এতিয়া তোমাক ধিতিঙ্গালি কৰি ফুৰিবলৈ এৰি দিলে আগলৈ ইয়াৰ বাবে সেকা পাই তুমিৱে মোক দোষ দিবা। তেতিয়া কাম বা অভ্যাস নেৰাখি খালি ধিতিঙ্গালি কৰি ফুৰাৰ পৰা কিমান অনিষ্ট হয় তাক বুজিব পাৰিবা। কিন্তু সেই বেয়া অভ্যাসে লোহাৰ শিকলিৰ দৰে তোমাক মেৰাই ধৰি নিতে কষ্ট দিব, ইচ্ছা কৰিলেও সেই শিকলি জোকাৰি পেলাই দিব নোৱাৰিবা, ৰাতিয়ে দিনে তোমাৰ ইচ্ছাৰ বিৰুদ্ধে সেই শিকলিৰ অসহনীয় ভাৰ সব লাগিব, ইয়াতকৈ টান শাস্তি তোমাৰ আৰু কি হব পাৰে? যেতিয়া এখন ঘৰৰ গৃহিণী হবা তোমাৰ তলত তিনি চাৰিটা চাকৰ থাকিব ঘৰৰ কামত অভিজ্ঞতা নেথাকিলে গৃহস্থালি কেনেকৈ চলাবা, চাকৰবিলাকৰ দোষ নো কেনেকৈ বুজিবা? সুগৃহিণীৰ হাতত গৃহস্থালীৰ যেনে উন্নতি হয় কুগৃহিণীৰ হাতত গৃহস্থালীৰ তেনে সৰ্ব্বনাশ হয়।