পৃষ্ঠা:জ্ঞান-মালা.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
জ্ঞানমালা।

 এইটো সঁচা যে খেতিয়ক জনে অহা যোৱা কৰোতে বৰ সাৱধানেৰে দুৱাৰ খন জপাই যায়। কিন্তু সৰু সৰু লৰা ছোৱালী আৰু চাকৰবিলাক গৃহস্থৰ নিচিনা সাৱধান নহয়। সেই কাৰণেই তেওঁ জপোৱাৰ পাচতো হয় দুবাৰখনি বতাহত এবাৰ জাপ এবাৰ মেল যায়, নহলে একেবাৰে খোলা হৈ থাকে।

 এদিন জপনাখন মেলা পাই গৃহস্থৰ এটা নোদোকা চন্দৰ গাধ বাহিৰ ওলালহি। চৰোতে চৰোতে এখোজ দোখোজ কৰি ওচৰতে থকা কাথনী হাবিত সোমাল গৈ। ইফালে লৰা ছোৱালীবিলাকে গাধ বিচাৰি নেপাই ঘৰত হুবা দুবা লগাই দিলে। খেতিয়ক জনে সেই সময়ত গোহালিত এটা হালোৱা গৰু বান্ধিব ধৰিছিল। হাই শুনিব পাই গৰু তাতে এৰি গাধ বিচাৰিবলৈ লবৰিলে। জীযেকে ৰান্ধনী ঘৰত ভাত বহাইছিল। জুইৰ ওপৰতে ভাত আঞ্জা এৰি তেওঁ বাপেকৰ লগ ললে গৈ। মাকে ধোৱাচাঙ্গত তিতা কাপোৰ আঁৰি জুইত শুকুৱাৰ ধৰিছিল তেও ও বন তাতে পেলাই গৃহস্থৰ পাচে পাচে লবৰিলে। চাকৰ-বাকৰ লৰা-ছোৱালী সকলো মিলি হেৰুৱা গাধৰ কাৰণে গোটেই খন হাবিত খলকনি লগাই দিলে। চাকৰ এটাই তত নোহোৱাকৈ গাধ বিচাৰিবলৈ লৱৰোতে ভৰি