পৃষ্ঠা:জ্ঞান-মালা.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
জ্ঞানমালা।

তেওঁৰ বুকলৈ টানি লয়। পাপী বুলি মানুহে ঘিণত যাৰ কাষ চাপিব নোখোজে জগতৰ পিতা পৰমেশ্বৰে তেওঁৰ স্নেহময় কোলা সিহতৰ কাৰণে সদায় পাতি থৈছে। আহা আমিও জগৎপিতাৰ খোজে খোজে খোজ লবলৈ চেষ্টা কৰোঁ ৷ তেওঁৰ প্ৰেমময় প্ৰকৃতিৰ অনুকৰণ কৰি জগতৰ সকলোকে প্ৰেম বিলাই তেওঁৰ সন্তোষ সাধন কৰোঁ।

 আমাৰ পিতৃ-মাতৃৰ পৰা এটি নতুন পোষাক, এখনি নতুন পুথি পালে আমাৰ মন আনন্দত যেনেকৈ নাচি উঠে। সেই পোষাক আৰু পুথিত যাতে অলপো চেক নেলাগে তাৰ কাৰণে আমি বৰ যত্ন কৰোঁ ৷সেইদৰে আহা ঈশ্বৰৰ দান এই মানবজীৱনত যাতে অলপো অসৎকামৰ কলঙ্ক নপৰে তাৰ কাৰণে চেষ্টা কৰোঁ। দাতাই তেওঁৰ বস্তুৰ সদ্ব্যৱহাৰ হোৱা দেখিলে যেনে ৰঙ্গ পায় সেই বস্তুৰ অসদ্ব্যবহাৰে তেওঁৰ মনত তেনে কষ্ট দিয়ে। এই আমাৰ মানৱ জীৱন যদি সকলো প্ৰকাৰ সৎকামেৰে অলঙ্কৃত কৰিব পাৰোঁ তেনেহলে ঈশ্বৰে তেওঁৰ দানৰ সদ্ব্যৱহাৰ হোৱা দেখি যেনে সন্তোষ পাব তেনে সন্তোষ আমি একোৰে আৰু তেওঁক দিব নোৱাৰোঁ।

——————