সমললৈ যাওক

পৃষ্ঠা:জ্ঞান-মালা.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
জ্ঞানমালা।

যোৱা কৰাৰ সুচল কৰি দিছে, এইয়ানো কাৰ দান? ইয়াৰ স্ৰজোঁতা নো কোন? এটা ঘট দেখিলে এই ভাৰ আপোনা আপুনি মনলৈ আহে যে নিশ্চয় ইয়াৰ এজন কৰোঁতা আছে। এটা সামান্য ঘট যেতিয়া কৰোঁতা নোহোৱাকৈ হব নোৱাৰে এই অসীম ব্ৰহ্মাণ্ডও যে আপুনি হোৱা নাই এইটো নিশ্চয়।

 আহা যাৰ কৃপাত আমি এই বিলাক লাভ কৰিছোঁ সেই সৰ্বশুভদাতাৰ চৰণত আমাৰ মনৰ কৃতজ্ঞতা জনাওঁ।

 তেওঁ ইচ্ছা কৰিলে চকুহীন হাতহীন কৰি আমাক জগতলৈ পঠাব পাৰিলে হেতেন; কিন্তু তাক নকৰি তেওঁ আমাক সম্পূৰ্ণ ইন্দ্ৰিয় দি স্ৰজিছে। জগতৰ কিমান অনাথ লৰা আছে; কিন্তু আমি সৰুৰে পৰা স্নেহময় আই-বোপাই বন্ধু-বান্ধৱৰ কোলাতে ইমান ডাঙ্গৰ দীঘল হইছোঁ। আহা এই বিলাক কৰুণাৰ কাৰণে পৰমেশ্বৰক অন্তৰৰ সৈতে ধন্যবাদ দিওঁ।

 ঈশ্বৰ প্ৰেমময়; পাতকী-পুণ্যৱান, ধনী-নিৰ্ধনী সকলোৱে তেওঁৰ সন্তান, কোনো পৰ নহয়। যি সূৰ্য্যৰ তাপ ও বতাহৰ দ্বাৰা আমি প্ৰাণ ৰক্ষা কৰিছোঁ জগতৰ পিতাই পাতকী বা নীহ বুলি কাকো তাৰ পৰা বঞ্চিত কৰা নাই। মানুহে যাক নীহ বুলি ঘিণায় পৰমেশ্বৰে তাক