চিকাৰ কাহিনী/খোজকাঢ়ি পৰ্বতত হাতী বিচাৰি

ৱিকিউৎসৰ পৰা

[ ১৩ ]

খোজকাঢ়ি পৰ্বতত হাতী বিচাৰি

 শ্ৰীযুত বেজবৰুৱা ডাঙৰীয়াৰ টেলিগ্ৰাফ পাই হাতী মৰাৰ চিন্তা খন্তেকলৈ আঁতৰাই থৈ যোৰহাট পোৱাৰ কথা আগেয়ে লিখা হৈছিল।

 মোকৰ্দমা আপোচ কৰি তিনদিনমানতে উভতি গুৱাহাটী পালোঁহি। পায়েই খবৰ পালোঁ, হাতী দীপৰত মাজে-সময়ে নামিয়েই আছে; কিন্তু মোৰ ছোৱালীৰ বিয়া, লোকেল বোৰ্ডৰ নিৰ্বাচন আৰু উপৰুৱা কামে হাতীৰ চিন্তা কিছু পৰিমাণে আঁতৰাই ৰাখিবলৈ বাধ্য কৰিছিল। ইপিনে সপোনে-সচিতে থাকি থাকি হাতীৰ কথা মনত পৰিয়েই আছিল।

 ২ জুন তাৰিখত চেয়াৰমেন নিৰ্বাচন শেষ হল। তাৰ পিচদিনাই আকৌ দীপৰৰ পাৰ পালোঁগৈ। যোৱাৰ আগদিনা আবেলি ৪ মান বজাতে বিলৰ পাৰত দঁতাল ককাই চৰি থকাৰ সম্বাদ পালোঁ। সেইকাৰণে উভতি নাহি তাতে খাপ লোৱাৰ স্থিৰ কৰিলোঁ। কেম্প অৰ্থাৎ থকা ঠাই শ্ৰীমান তাবাক মিকিৰৰ টোল। ঘাই ঘৰত ল'ৰা-তিৰোতা লৈ শ্ৰীমান তাবাক বাস কৰে— তদুপৰি তেওঁৰ আন ঘৰ চাইটা। এটা গোহালি ঘৰ, এটা ঢেঁকিশাল—তাকো বতাহে বগৰাই থৈছে, এটা ভঁৰাল আৰু এটা খালী ঘৰ। খালী ঘৰটো ভালদৰে বান্ধিবৰ মনেৰে চাল নিছাই কাঠৰ খুটা লগাইছে। দুপিনৰ বেৰ সমূলি নাই—দখিণৰ বেৰ আছে—কিন্তু সিও নামমাত্ৰ, ৰ’দ-বৰষুণ যিমানে পাৰে পৰে। উপায়ান্তৰ নেদেখি তাতেই ৰন্ধাৰ কাৰবাৰ কৰি চাকৰ, বামুণ থকাৰ ব্যৱস্থা কৰা হ'ল। মোৰ ভাগত পৰিল ভঁৰাল ঘৰ। ভঁৰাল বাদ দি কেম্পখাটখন কোনোমতে পাতিব [ ১৪ ] পৰা অলপ মুকলি ঠাই আছিল। তিনিপিনে বেৰ নাই, পশ্চিমৰ ৰ'দ পৰে। বতাহ-বৰষুণ আহিলে বিচনা সামৰি বহি থাকিব লাগে। চিকাৰ কৰিবৰ হলে আদিতে কষ্ট স্বীকাৰ কৰিবই লাগিব, তাকে ভাবি তাতেই থকাৰ ঠিক কৰিলোঁ।
 চিকাৰী পঠিয়াই খবৰ ললোঁ, বিলত সেইদিনা ৰাতি হাতী নমা নাই। বিলত নানামিলে পৰ্বতত বিচাৰি উলিওৱা টান। কাৰণ,গজৰাজৰ দৈনিক ভ্ৰমণৰ সীমা ১০।১৫ মাইলৰ ভিতৰত। তিনদিন খাপ লৈ একো সঠিক খবৰ নাপাই ঘৰলৈ উলটি আহিলোঁ। ঘৰ পাই হাতীৰ কথাকে কৈ থাকোঁতেই শ্ৰীমান তাবাক আহি ওলালহি—“হাতী নামিছে, ঘৰৰ ওচৰতে আছে, এতিয়াই গলে নিশ্চয় পাব।”
 আকৌ টালি-টোপোলা বান্ধি যাবলৈ ওলালোঁ। এনেতে মনত এটা কথা খেলালে, “ডিপুটী কমিশ্যনাৰক কৈ হাতী মৰাৰ অনুমতি নিব পাৰিলে দাঁতযোৰ ফৰেষ্টক জমা নিদিয়াকৈ নিব পাৰি, এবাৰ সুধি চালে বেয়া নহয়”—ইয়াকে ভাবি ৰাতি ৯ মান বজাত ডি-চিৰ বঙলা পালোঁগৈ। তেওঁ মোচাফিৰ মানুহ; খোৱাৰ পিচত অকলে বহি ৰেডিঅ’ শুনি আছে। খবৰ দিলত ওলাই আহি ভিতৰলৈ মাতি নিলে আৰু ইমান ৰাতি হঠাতে অহাৰ কাৰণ সুধিলে। সকলো কথা কোৱাত হাতী মাৰিবলৈ অনুমতি লিখি দিলে। অনুমতি লৈ উভতি আহিয়েই আকৌ দুৰ্গা, দুৰ্গা বুলি ১০ মান বজাত যাত্ৰা কৰিলোঁ। ১১ বজাত নাৱৰীয়াক কাবৌ-কাকূতি কৰি কোনোমতে পাৰ হলোঁ। কেম্প পাওঁতে একমান বাজিল। সেইদিনা ওৰে দিনটো বিচনাত বহি শুই গজৰাজৰ মূৰ্তি ধ্যান কৰি কটোৱা হ'ল—কাৰণ, বোকা-পানীৰ কাৰণে ফুৰা-চকাৰ ঠাই সমূলি নাই। তাৰ পিচদিনাও কৰ্মশূন্য হৈ কটাবলগীয়া হ'ল; কাৰণ, গজেন্দ্ৰৰ আগমন সেইদিনাও আমাৰ ফালে নহ'ল। তিনদিনৰ দিনা পুৱা চিকাৰীয়ে খবৰ আনিলে—“ওচৰতে হাতী লগ পালোঁ, কেম্পৰপৰা ছমাইলমান [ ১৫ ] গলেই পাব।” শুনিয়েই সাজপাৰ পিন্ধি, গুলী বন্দুক লৈ ওলালোঁ। গৈ দেখোঁ, হাতী যি ঠাইত আছিল তাত নাই। খোজকাঢ়ি দুমাইল-মান গলোঁ; কিন্তু ঘাঁহ-পাত নাখাই যিদৰে পোন বাট ধৰি যোৱাৰ চিন পালোঁ, তাৰপৰা বুজিলোঁ, আজি গজেন্দ্ৰক লগ পোৱা টান হব। গতিকেই উভতি আহিলোঁ। তাত সেইদৰে বন্দী হৈ থকা অসম্ভৱ হল। তিনদিন ৰখিও নাপাই দুখে-ভাগৰে গধূলি ৬ মান বজাত আমাৰ কেম্প পালোঁহি। গৈ খবৰ পালোঁ, হাতী আহিছিল কিন্তু অলপতে পৰ্বতলৈ গ'ল। ৰাতি পৰ্বতত হাতী বিচৰা অসম্ভৱ,গতিকেই শোৱাকে স্থিৰ কৰি বিচনাত পৰিলোঁ; কিন্তু সেইদিনা নিদ্ৰাদেৱীক আৰাধনাতো তুষ্ট কৰিব নোৱাৰিলোঁ।
 পুৱা ৪ বজাত উঠি চিকাৰী দুজনক জগাই তেওঁলোককো এটুপি চাহ খুৱাই যাত্ৰা কৰিলোঁ। খোজ লওঁতেই বৰষুণ কণিয়ালে, তালৈ আওকাণ কৰি বলবাহাদুৰ, তাবাক আৰু মই ৰাওণা হলোঁ। অলপ দূৰ যাওঁতেই বৰষুণ কলহৰ কাণে ঢালিবলৈ ধৰিলে। তাবাক চিকাৰীয়ে যাবলৈ নিষেধ কৰিলে আৰু কলে, “এই বৰষুণত পৰ্বত বগোৱা অসম্ভৱ হব; হাতী লগ পালেও মৰা টান হব আৰু খেদিলে পলাবৰ উপায় নাথাকিব।” মোৰ হলে সংকল্প দৃঢ়। পাওঁ নাপাওঁ কিছুদূৰ যামেই। বলবাহাদুৰে মোৰ মুখলৈ চাই সেই ভাব অনুমান কৰি যোৱাত সন্মতি দিলে, মই আগবাঢ়িলোঁ। ছাতিকে লাখুটি কৰি লৈ পৰ্বত বগাবলৈ ধৰিলোঁ বাটত হাবি নাই, কিন্তু পৰ্বতীয়া মাটি অতি পিছল; এঠাইত ভৰি দিলে পিছলি আন ঠাইত পৰেগৈ। হাতীৰো অৱস্থা তদ্ৰূপ বুলি ভৰি পিছলাৰ চিন দেখি অনুমান হৈছিল। খোজ চাই দুমাইলমান যোৱাৰ পিচত এটি মাইকী ভালুকে দুটি শিশু সন্তান লৈ সৰি পৰা কঠাল খোৱাৰ অভিপ্ৰায়ে গছৰ তলত থকা লগ পোৱা গ'ল। বৰষুণত তিতি ঋক্ষ-পৰিবাৰৰ অৱস্থা আমাৰ দৰেই। আমাৰ আশা—হাতী পাম, তেওঁলোকৰ আশা, কঠাল সৰি পৰিব। ইমান ওচৰতে পালোঁ, মৰা হলে ঋক্ষ[ ১৬ ] মাতৃক ঠাইতে ৰখোৱা টান নহলহেঁতেন; কিন্তু হাতী পোৱাৰ আশাই মৰাৰ ইচ্ছা ৰোধ কৰিলে। ঋক্ষ-পৰিবাৰে বাট এৰি দিলে। হাতীৰ খোজতে খোজ দি আমিও আকৌ যাবলৈ ধৰিলোঁ। ডেৰ-মাইলমান যোৱাৰ পিচত হাতীয়ে বাট এৰি অবাট ললে—আমিও মৰণত শৰণ লৈ পাছ ললোঁ।
 ধাৰাসাৰ বৰষুণ, দীঘল আৰু ঘন তৰাণি, আঁঠুৱনি বোকা-পানী,বাট নাই। এনেয়ে যোৱা অসম্ভৱ; কিন্তু হাতীয়ে বাট কৰি দি গ’ল—সেই বাটেৰেই আমিও পাছে পাছে গলোঁ। পোৱামাইলমান যোৱাৰ পিচত বাঁহ ভঙাৰ শব্দ পালোঁ। বুকুৱে চিৰা খুন্দিবলৈ ধৰিলে। এখন্তেক কাণপাতি শুনিলোঁ। শব্দলৈ চাই কোন আছে অনুমান কৰিলোঁ। তেতিয়া পাছ এৰি হাতীৰ বাওঁফলীয়া হলোঁ। পৰি-হৰি কোনোমতে এডোখৰ ওখ ঠাইত উঠিলোঁ। এটা সৰু টিলা—তাতে উঠি আকৌ শব্দলৈ কাণ পাতিলোঁ। লাহে লাহে বাঁহ ভাঙি আমাৰ পিনে অহাৰ উমান পালোঁ। বাঁহগছৰ আঁৰ লৈ গজেন্দ্ৰৰ আগমন প্ৰতীক্ষা কৰিলোঁ। চাওঁতে চাওঁতেই ওলালহি— ২৫ হাতমান দূৰৈত, আমাতকৈ তলত। দেখিলোঁ, মাৰিবলৈ দিয়া দঁতালজনেই হয়। তাত আৰু দুটা দঁতাল আছে। দেখিলোঁ হয়,কিন্তু আপোনমনে তলমূৰকৈ অহাত মৰাৰ আচল ঠাই (অৰ্থাৎ কপাল, কুম বা কাণৰ বিন্ধা) দেখা নাযায় অথচ তেতিয়াই নামাৰিলে আমাক এৰি যায়। লগৰ চিকাৰীক কলোঁ, “তুমি ভালদৰে এটা চাপৰি বজাই দিয়া, হঠাৎ শব্দ শুনিলে নিশ্চয় মূৰ দাঙি শব্দৰ পিনে চাব আৰু তেতিয়া হলে সুবিধা পাম।” যি কলোঁ সেয়েই হ'ল। চাপৰিৰ শব্দ শুনি আমাৰ পিনে মূৰ দাঙি চাই খেদিবৰ মনেৰে খোজ লব ধৰোঁতেই এক গুলী মাৰিলোঁ। ঠিক ভুচুঙত মৰাৰ সুবিধা নাপালোঁ; কপালত পৰিল— ঠাইতে আঁঠু ললে। আৰু গুলী নমৰা হলেও চলিলহেঁতেন, কিন্তু ঠিক সঠিক কৰিবৰ মনেৰে আকৌ এক গুলী মাৰিলোঁ। বুজিলোঁ, আগৰ গুলীতেই গজেন্দ্ৰই মুক্তি [ ১৭ ] লভিছিল। আমি আহি দেখোঁ, গজেন্দ্ৰৰ দেহ ক্ষত-বিক্ষত; তাৰমানে সমনীয়া দঁতালৰ লগত যুদ্ধ চলিছিল নিশ্চয়। আৰু দেখিলোঁ,হাতীটে৷ আচলতে দঁতাল নহয় — চখনাহে—দাঁত চুটি কিন্তু মোটা।
 এইবেলি কিন্তু কেমেৰা এৰা নাই। থিয় পৰ্বতত নিজকে টানি নিয়৷ টান গতিকেই ডাঙৰ কেমেৰা নিয়া অসম্ভৱ। তথাপিও কেমেৰা নিবই লাগিব, সেই গতিকে সৰু কেমেৰা এটি পানী নপৰাকৈ টোপোলা বান্ধি নিছিলোঁ। হাতী ধৰাশায়ী হোৱা মাত্ৰকেই কেমেৰা উলিয়ালোঁ। ইকাতি-সিকাতি কৰি কত প্ৰকাৰে চালোঁ কিন্তু তাত কোনোমতেই হাতীৰ ছাঁ পেলাব নোৱাৰিলোঁ। দোপাল-পিটা বৰষুণ আৰু বাঁহতলৰ অন্ধকাৰ—কেমেৰা আনিও ননা যেন হ'ল—কপাল!
 কাল বিলম্ব নকৰি ঘৰলৈ উভতিলোঁ। বাটত আহোঁতে পটলুঙৰ ভিতৰত কটং কৰে কিহবাই কামোৰা যেন পালোঁ। কাপোৰ গুচাই চাওঁ, ১০টামান জোক—কেনি সোমাল, কেতিয়া সোমাল, একো গমকে ধৰিব নোৱাৰিলোঁ। জোকলৈ মোৰ ভয় নাই—নহলে নিশ্চয় মূৰ্ছা গলোঁহেতেন। কাপোৰ গুচাই লৈ লগুৱাটোৰ সহায়ত জোক টানি এৰুৱা হ'ল। বৰষুণ কমিল, কিন্তু তেজৰ স্ৰোত ববলৈ ধৰিলে। ঘৰ পাই গা-পা ধুই ওলালোঁ। তথাপি তেজ আৰু কোনোমতেই বন্ধ নহয় — অন্ততঃ দুসেৰমান তেজ গ'ল। টিনচাৰ আয়োডিন, কেহেৰাজ, ই-সি কত কি দিলোঁ, তেজ কোনোমতেই নৰয়।শেষত তাৰে এজন মিকিৰে এটা দৰব দিলে; তাকে দিয়াত বহুত পৰৰ মূৰত তেজ ৰ'ল। দৰবটো হৈছে কাপোৰ পুৰি তাৰ ছাই তেজ ওলোৱা ঠাইত দিয়া। আৰু অলপপৰ হোৱা হলে ডাক্তৰ মাতিব লগীয়া হলহেঁতেন।
 হাতী মৰা খবৰ ঘৰলৈ পঠিয়াই মোৰ লগুৱা শ্ৰীমান কুঁহিৰামক দাঁত কাটিবলৈ পঠিয়ালোঁ। দাঁত কাটি উলিওৱা হাতী মৰাৰ প্ৰায় সমানেই টান। কুঁহিৰামক নিজে আগত থাকি শিকাই [ ১৮ ] লৈছিলোঁ‌, নহলে দাঁত উলিয়াওঁতে বহুতো পলম হয় আৰু দাঁতো নষ্ট হয়।

 দাঁত লৈ ঘৰ পালোঁ‌হি। ঘৰ পাই শুনিলোঁ‌, লৰাহঁতে হাতী চাবলৈ গ'ল আৰু মৰা হাতী চালেও; কিন্তু এনে দুৰ্গম ঠাইলৈ দুনাই নাযাওঁ বুলি শপত খাই আহিল। মই হলে যাবলৈ ভৰি দাঙিয়েই আছোঁ, খবৰ আহিলেই হয়।