পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
চিকাৰ কাহিনী

লৈছিলোঁ‌, নহলে দাঁত উলিয়াওঁতে বহুতো পলম হয় আৰু দাঁতো নষ্ট হয়।

 দাঁত লৈ ঘৰ পালোঁ‌হি। ঘৰ পাই শুনিলোঁ‌, লৰাহঁতে হাতী চাবলৈ গ'ল আৰু মৰা হাতী চালেও; কিন্তু এনে দুৰ্গম ঠাইলৈ দুনাই নাযাওঁ বুলি শপত খাই আহিল। মই হলে যাবলৈ ভৰি দাঙিয়েই আছোঁ, খবৰ আহিলেই হয়।