পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
চিকাৰ কাহিনী


পৰা অলপ মুকলি ঠাই আছিল। তিনিপিনে বেৰ নাই, পশ্চিমৰ ৰ'দ পৰে। বতাহ-বৰষুণ আহিলে বিচনা সামৰি বহি থাকিব লাগে। চিকাৰ কৰিবৰ হলে আদিতে কষ্ট স্বীকাৰ কৰিবই লাগিব, তাকে ভাবি তাতেই থকাৰ ঠিক কৰিলোঁ।
 চিকাৰী পঠিয়াই খবৰ ললোঁ, বিলত সেইদিনা ৰাতি হাতী নমা নাই। বিলত নানামিলে পৰ্বতত বিচাৰি উলিওৱা টান। কাৰণ,গজৰাজৰ দৈনিক ভ্ৰমণৰ সীমা ১০।১৫ মাইলৰ ভিতৰত। তিনদিন খাপ লৈ একো সঠিক খবৰ নাপাই ঘৰলৈ উলটি আহিলোঁ। ঘৰ পাই হাতীৰ কথাকে কৈ থাকোঁতেই শ্ৰীমান তাবাক আহি ওলালহি—“হাতী নামিছে, ঘৰৰ ওচৰতে আছে, এতিয়াই গলে নিশ্চয় পাব।”
 আকৌ টালি-টোপোলা বান্ধি যাবলৈ ওলালোঁ। এনেতে মনত এটা কথা খেলালে, “ডিপুটী কমিশ্যনাৰক কৈ হাতী মৰাৰ অনুমতি নিব পাৰিলে দাঁতযোৰ ফৰেষ্টক জমা নিদিয়াকৈ নিব পাৰি, এবাৰ সুধি চালে বেয়া নহয়”—ইয়াকে ভাবি ৰাতি ৯ মান বজাত ডি-চিৰ বঙলা পালোঁগৈ। তেওঁ মোচাফিৰ মানুহ; খোৱাৰ পিচত অকলে বহি ৰেডিঅ’ শুনি আছে। খবৰ দিলত ওলাই আহি ভিতৰলৈ মাতি নিলে আৰু ইমান ৰাতি হঠাতে অহাৰ কাৰণ সুধিলে। সকলো কথা কোৱাত হাতী মাৰিবলৈ অনুমতি লিখি দিলে। অনুমতি লৈ উভতি আহিয়েই আকৌ দুৰ্গা, দুৰ্গা বুলি ১০ মান বজাত যাত্ৰা কৰিলোঁ। ১১ বজাত নাৱৰীয়াক কাবৌ-কাকূতি কৰি কোনোমতে পাৰ হলোঁ। কেম্প পাওঁতে একমান বাজিল। সেইদিনা ওৰে দিনটো বিচনাত বহি শুই গজৰাজৰ মূৰ্তি ধ্যান কৰি কটোৱা হ'ল—কাৰণ, বোকা-পানীৰ কাৰণে ফুৰা-চকাৰ ঠাই সমূলি নাই। তাৰ পিচদিনাও কৰ্মশূন্য হৈ কটাবলগীয়া হ'ল; কাৰণ, গজেন্দ্ৰৰ আগমন সেইদিনাও আমাৰ ফালে নহ'ল। তিনদিনৰ দিনা পুৱা চিকাৰীয়ে খবৰ আনিলে—“ওচৰতে হাতী লগ পালোঁ, কেম্পৰপৰা ছমাইলমান