চিকাৰ কাহিনী/খোজকাঢ়ি হাতী বিচাৰি

ৱিকিউৎসৰ পৰা

[ ১০ ]

খোজকাঢ়ি হাতী বিচাৰি

 হঠাতে খবৰ পালোঁ, দীপৰত হাতী নামিছে। দীপৰ এখন ডাঙৰ বিল- গুৱাহাটীৰ পশ্চিমে ৯ মাইলমান দূৰত।

 খবৰ পায়েই অলপ বয়-বস্তু লৈ মটৰেৰে যাত্ৰা কৰিলো—৪ মান বজাত।

 সদৰ আলি এৰি গাঁৱলীয়া বাটেৰে কোনোমতে বিলৰ পাৰ পালোঁহি। নাৱেৰে বিল পাৰ হৈ ‘কেম্প' পাওঁতে সাঁজ লাগিল। জানিলোঁ, বিলত হাতী নমা হয়।

 স্থানীয় চিকাৰী বলবাহাদুৰৰ লগত পৰামৰ্শ কৰি ৰাতি হাতী নোজোকাই পুৱাতে পৰ্বতলৈ বিচাৰি যোৱাকে ঠিক কৰিলোঁ আৰু সেইমতে কাউৰীয়ে কা নৌ কৰোঁতেই বলবাহাদুৰক পঠিয়ালোঁ খবৰ কৰিবলৈ।

 এঘাৰমান বজাত উভতি আহি খবৰ দিলে হাতী লগ পোৱা বুলি, ৪ মাইলমান দূৰত পৰ্বতৰ ওপৰত।

 কিন্তু খবৰ দিয়াৰ লগে লগে কলে যে বাট অতি দুৰ্গম—নাই বুলিলেই হয়। হাবি ভাঙি বাট উলিয়াই যাব লাগিব; হাতীয়ে খেদিলে পলোৱা টান ইত্যাদি ইত্যাদি কথা কৈ মই পৰ্বতলৈ হাতী বিচাৰি যোৱাত উৎসাহ দিয়া দেখা নগ'ল। এবেলি ভাবিলোঁ,পৰ্বতলৈ যোৱাৰ আশা এৰি দি ৰাতি বিলতে ‘টৰ্চ’ দি কিবা কৰিব পাৰিনে চাওঁ; আকৌ ভাবিলোঁ, বিলত হাতে হাতে লগ পোৱা টান। দূৰৈৰপৰা গুলীয়াই হাতী মৰা সম্ভৱ হব পাৰে কিন্তু ঠাইতে বগৰাব নোৱাৰিলে হাতী বিচাৰি পোৱা টান। হাতী মৰাৰ লোভ সামৰিব নোৱাৰি শেহত যোৱাকে ঠিক কৰিলোঁ। দুপৰীয়া ১২ মান বজাত [ ১১ ] বলবাহাদুৰ, মাধৱ, এজন মিকিৰ আৰু মই দুৰ্গা শ্ৰীহৰি বুলি খোজ ললোঁ। দুপৰীয়া ৰ’দত চাৰিমাইল খোজকাঢ়ি গোৰোৱাইদি ঘাম বৈ গ'ল। তাৰ পিচত পৰ্বতৰ পিনে বাট দেখুৱালে, আমিও চিকাৰীৰ পাছ ললোঁ। থিয় পৰ্বত, বাট নাই; বাঁহ আৰু বেতৰ মাজেদি বাট উলিয়াই যাব লাগে। তদুপৰি বাঁহৰ শুকান পাত পৰি ঠাই অতি পিছল হৈ আছিল, এঠাইত খোজ দিলে ছিটিকি আন ঠাইত পৰেগৈ।
 মৰণত শৰণ দি দণ্ডি ধৰি লাহে লাহে পৰ্বত বগাবলৈ ধৰিলোঁ। মাজে মাজে ৰৈ ৰৈ হাতীয়ে বাঁহ ভঙা শব্দলৈ কাণ কৰিবলগীয়া হৈছিল।
 এইদৰে দুমাইলমান যোৱাৰ পিচত মটৰ কৰে বাঁহ ভঙাৰ শব্দ শুনিলোঁ। আমি যোৱ৷ বাটেই হাতী অহাৰ উমান পাই ঠাইতে গছৰ আঁৰ লৈ খাপ ললেঁ৷। দুই মিনিটমান যোৱাৰ পিচতে ৫ হাতমান দূৰত এটা হাতী দেখিলোঁ৷ আকাৰহে দেখিলোঁ, প্ৰকাৰ দেখা নাপালোঁ। মৰাৰ ঠিক কৰি কপাল, কুম আদি আচল মৰাৰ ঠাই বিচাৰোঁতেই দেখিলোঁ নিপোটল লোদোৰ পোদোৰ পোৱালি হাতী এটা; দেখি তাতেই তাপ মাৰি ৰলোঁ। কিন্তু পোৱালিৰ পাছতেই ডাঙৰ মাকজনীক দেখি বুকু চিৰিংকৈ গ'ল। অতি সাৱধানে চুচৰি আঁতৰ হৈ বাট এৰি দিলোঁ। মাকে-পোৱালিয়ে আমাক ওচৰতে দেখিও আমালৈ আওকাণ কৰি যাবলৈ ধৰিলে। এখন্তেক পিচতে দেখিলোঁ, আমি থকা ঠাইত চাৰিওপিনে সৰুৱে-ডাঙৰে, মাইকীয়ে-পোৱালিয়ে ১৫টামান হাতী—আমি মাজতে পৰিলোঁ। খেদি নামাৰিলেও গছকত প্ৰাণ যাব, এই আশঙ্কাতে গা কঁপিবলৈ ধৰিলে; ইষ্ট দেৱতাৰ নাম স্মৰণ কৰি বগুৱাবাই কোনোমতে এজোপা ডাঙৰ কাকবাঁহৰ ভিতৰত সোমালোঁগৈ। সম্ভৱতঃ আমাক দেখা নাপালে আৰু দেখিছিল যদিও নিঃশঙ্কমনে আমাক আওকাণ কৰি ওপৰৰ সমান ঠাইলৈ গ'ল, আমাৰো কণ্ঠত ধাতু আহিল। লাহে লাহে [ ১২ ] বাঁহৰ মাজৰপৰা ওলাই হাতী কেনি গ'ল চাবৰ মনেৰে আমিও ওপৰলৈ গ'লোঁ। দেখিলোঁ, হস্তী পৰিবাৰে সমান ঠাইত উঠি জিৰণি লৈছে। গণি চালোঁ—তিনিজনী মাক, বাকী চৈধ্যট৷ পোৱালি। আকৌ ফটো কেমেৰাৰ কথা মনত পৰিল। দন্তাল বা মখনা লগত নাছিল।
 চিকাৰীয়ে কলে, দন্তালটো লগত নাথাকে; এমাইলমান আঁতৰে আঁতৰে ফুৰে, কিন্তু পাছ নেৰে। দন্তাল অহাৰ আশাতে পুনৰ খাপ ললোঁ।

 মানুহ যিদৰে সবাৰো শত্ৰু, মানুহৰো শত্ৰুৰ অন্ত নাই। সময় আৰু সুবিধা পাই বিহ পৰুৱা, মহ (একোটা কপৌ চৰাইৰ সমান ) ডাঁহ সকলোৱে শত্ৰু শালিবলৈ ধৰিলে। কামোৰত সৰ্বশৰীৰ দমলা-দমল দিলে। কাঁইটৰ আঁচোৰত ৰঙালী বিহুৰ বিহুৱান গাৰ তেজেৰে ৰাঙলী কৰিলে। কিন্তু আশাৰ অন্ত নাই। দন্তালৰ ছবিটিয়ে পৃথিবীৰ আন দিন্তা দূৰ কৰি দুখ-ভাগৰ পাহৰাই ৰাখিলে। বেলি মাৰ যোৱালৈকে দন্তালৰ ৰূপ ধ্যান কৰি অন্যমনা হৈ খাপ ললোঁ-দন্তালে সৎসঙ্গ বিচাৰি আন কেনিবা গ'ল। দুখে-ভাগৰে সাজে-সন্ধ্যায় কেম্প পালোঁহি৷ বাটে বাটে পুনৰ সংকল্প কৰিলোঁ, দন্তাল ককাইক বিচাৰি উলিয়াবই লাগিব, লগ ধৰি প্ৰীতি-সম্ভাষণ জনাবই লাগিব—এনেতে শ্ৰীযুত চন্দ্ৰকমল বেজবৰুৱা ডাঙৰীয়াৰ ডাক পৰিল টেলিগ্ৰাফেৰে, যোৰহাট কাছাৰীত চিকাৰ ওলোৱা বুলি। খবৰ পায়েই পুনৰ দুৰ্গা শ্ৰীহৰি বুলি যাত্ৰা কৰিলোঁ যোৰহাটলৈ। সঁচাকৈ কবলৈ হলে আজি পাঁচদিনে ছাব-জজ চাহাবৰ মুখলৈ চাই চায়ো দন্তালৰ শোভন সুন্দৰ দিব্যমূৰ্তি মনৰপৰা আঁতৰাব পৰা নাই—ইয়াকেই সম্ভৱতঃ বোলে মায়া বা মোহ।