পৃষ্ঠা:গল্পাঞ্জলি.pdf/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
দেখাদেখি

হলেই, পাৰ্ব্বতীক ধৰণীলৈ বিয়া দিয়াই ভাল। ধৰণী এনে সজ লৰা, তেওঁৰ এনে ভাল চবিত্ৰ, পঢ়া শুনাতো এনে ভাল, ইত্যাদি।

 কলেজৰ মানৱ-জাতিৰ সকলো সমান, জাতি-ভেদ মিছা, বংশ-গৌৰৱ অহঙ্কাৰৰহে চিন, ইত্যাদিবিলাক উচ্ছৃংখল কথাৰ মাজত বুৰি থকা নবীনৰ মনত নহল যে, ধৰণী কোচৰ লৰা আৰু তেওঁবিলাক কায়স্থ মানুহ। কিন্তু পিতাকৰ কছাৰীৰ নথি আৰু আলাপৰ ভিতৰত জাতি আৰু বংশৰ কথাৰ বব চাট্ নাথাকিলেও, সংসাৰৰ ঠেলা-হেঁচাত পৰি দ-বাম চিনি পোৱা মনত সকলো সমান যেন নালাগিছিল৷ সংক্ষেপতে তেওঁ উত্তৰ দিলে, যে নবীনে নাভাবি নিচিন্তি ইমান দায়িত্বৰ কথা এই দৰে লিখা অন্যায় হৈছে।

 ডেকা তেজত সৌন্দৰ্য্যৰ মোহ বা বাসনাৰ বলকে অনেক সময়ত প্ৰেম বুলি বলিয়া হোৱা যায়৷ কিন্তু সংসাৰৰ ঠেলাত পৰি যাৰ মন ভিজিছে আৰু যি জানিছে, যে মোহ দুদিনীয়া আৰু বাসনাৰ উত্তেজনা তৃপ্তি হোৱা মাত্ৰকতে চেঁচা পৰে, সি জানে যে প্ৰেম বা ভালপোৱা কেৱল সৌন্দৰ্য্যৰ মোহ বা আকাঙ্ক্ষাৰ তৃষ্ণা নহয়। সেই দেখি এই কথাত বাপেক-পুতেক দুইৰো অমিল হল। ডেকা আৰু বুঢ়াৰ ভিতৰত, ভোগাভিলাষিণী তৃষ্ণা আৰু ভোগ-বিৰক্ত বৈৰাগ্যৰ ভিতৰত যিমান দিন প্ৰভেদ থাকে, এনে কথাত সিমান দিনলৈ মতৰ মিল হবলৈ আশা কৰাও অন্যায়।