পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঈশ্বৰৰ ইচ্ছা

ডাক্তৰৰ আগমন প্ৰতীক্ষা কৰিবলৈ ধৰিলে; কিন্তু ডাক্তৰ যি নায়ুেই, কাতিৰামো নাহিল।

 ডাক্তৰ আহে কেনেকৈ? কাতিৰামে ডাক্তৰ বিচাৰি যাওঁতে বাটতে মদৰ দোকান দেখি ভাবিলে,—“ডাক্তৰক পিচত টকা দিলেও হ’ব, এতিয়া ইয়াৰে মদ খাই লোৱা যাওক।” সেই মতেই কাম হ’ল, কাতিয়ে টকাকেইটা মদৰ দোকানত জমা দিলে। যিমানেই ৰাগী লাগি আহিবলৈ ধৰিলে, সিমানেই তাৰ উদ্দেশ্যৰ কথা পাহৰি যাবলৈ ধৰিলে, শেহত ডাক্তৰ বিচাৰি যোৱাৰ কথা মনতেই নপৰা হ'ল।

 ললিতাৰ শোকোচ্ছাস ক্ৰমশঃ বাঢ়িবলৈ ধৰিলে, কাতৰভাবে ক'লে,-“প্ৰভু দয়াময়, দুখুনীক দয়া কৰা প্ৰভু; মাৰ ধন গ’ল, বস্তু গ’ল,—তাত সিমান বেজাৰ নাই। এই যে মাণিকটি দিছিলা, তাৰ ওচৰত সেইবোৰ কুটাৰ নিচিনা। মই চুলি ছিঙি কাতৰ কৰি মাতিছোঁ, মোৰ পোনাটিক ভাল কৰি দিয়াঁ প্ৰভু। দুখুনীৰ একেটি মাথোন বুকৰ ৰতন কাঢ়ি নিনিবা দয়াময়।”

 কথাৰ লগে লগে ললিতা মুচ্ছা যাওঁ যাওঁ হ'ল, ধাৰাসাৰে চকু-লো ব’বলৈ ধৰিলে। সন্ধ্যালৈকে বাট চাই ডাক্তৰ বা কাতিৰাম কাকো নহা দেখি বুঢ়ীয়ে আকৌ সেই গাৱঁৰ মানুহটোকে এজন ডাক্তৰ আনিবলৈ পঠিয়ালে।

  এঘণ্টামান সময়ৰ মূৰত ডাক্তৰ আহিল। ৰোগীক পৰীক্ষা কৰি ডাক্তৰে মুখ কোঁচাই পেলালে। তেওঁ ৰোগীক ভালকৈ সেঁকিবলৈ কৈ এটা ঔষধৰ ব্যৱস্থা দি গুচি গ'ল। ডাক্তৰে টকা লবলৈ সম্মত নহ'ল, সেই মানুহটোৱেই ব্যৱস্থামতে দৰব আনিলেগৈ।

 ডাক্তৰ যেতিয়া উভতি যায়, তেতিয়া দীনবন্ধুৱে তেওঁক বাটত লগ পালে। আগৰে পৰা দুয়োৰে চিনাজনা আছিল, সেই দেখি দীনবন্ধুৱে

-৩৫৫-