পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

 দীন—এৰা, মই আৰু পলম কৰিব নোৱাৰোঁ। ইয়াৰ ভিতৰতে কোন ক’ত মৰিছে ঠিক নাই। তই মোলৈ বাট চাব নালাগে। মই যদি আহিব পাৰোঁ কৰ্কৰা ভাতকে খাম, আহিব নোৱাৰিলে খোৱা নহবই।

 গঙ্গাই কন্দনামুৱা হৈ ক'লে,-“আজি দহ-বাৰদিনৰ পৰা দেউতাই খোৱা-বোৱাও এৰিলে। এনেকৈ ভোকে–লঘোনে কাম কৰিলে শৰীৰ থাকিব কেইদিন? এতিয়াই বেমাৰী মানুহৰ নিচিনা দেখা হৈছে।

 দীন-দুখীয়া মানুহৰ দুই-এসাজ ঘোন হৈয়েই থাকে; তাৰ পৰা একো নহয়।

 এই বুলি দীনবন্ধুৱে গঙ্গাৰ পিঠিত চপৰিয়াই তাক সান্ত্বনা দি যাবলৈ ওলাল।

⸻⸻

—১৭২—