পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্রত্যাখ্যান

ব্যস্ত, তেন্তে কাকনো তেওঁ বিশ্বাস কৰিব! দীনবন্ধুৱেই যদি এনে সঙ্কীৰ্ণমনা, তেন্তে আন কোনে তেওঁৰ নিৰ্দ্দোষিতা স্বীকাৰ কৰিব! প্ৰভাই এবাৰ দীনবন্ধুলৈ সকলো কাহিনী বৰ্ণাই এখন চিঠি লিখিব খুজিছিল আৰু তেওঁনো কিয় এনে অসত্য কথা অন্যায়ৰূপে প্ৰচাৰ কৰিছে, তাক সুধিবলৈকো স্থিৰ কৰিছিল। কিন্তু ইমান দিন চিঠি পত্ৰ বন্ধ কৰাৰ পিচত, এতিয়া লিখিবলৈ লাজ লাগিল। অকল সেয়ে নহয়, এই চিন্তাৰ লগে লগে এটা অজ্ঞাত অভিমান ভাবো তেওঁৰ মনলৈ আহিল। প্ৰভাৰ চকুত চকুলো ওলাল। পাটীত পৰি বহুত পৰলৈকে উচুপি উচুপি কান্দিবলৈ ধৰিলে।

-১১৫-