পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দীনবন্ধুৰ আহুকাল

নহলে তুমি এতিয়া কৰা প্ৰশ্ন কেইটা কৰিব নালাগিলহেঁতেন। সেই আটাই কেইটা প্ৰশ্নৰ উত্তৰ তাতে আছে।

 তোমাৰ প্ৰথম আপত্তি—স্বাধীনতাৰ সীমা বৰ ঠেক হৈছে। দেশ, কাল, পাত্ৰ অনুযায়ী যে সেই সীমা ঠেক বা বহল হোৱা উচিত, তাক মই আগৰ চিঠিতে দেখুৱাইছোঁ। তুমি বিলাতৰ স্ত্ৰী-স্বাধীনতাৰ কথা কৈছা, কিন্তু আমাৰ দেশ যে বিলাত নহয়, সইটো পাহৰা কিয়? তাত কেঁচুৱাৰ পৰা বুঢ়ালৈকে সকলো মতা-তিৰুতা একেলগে ফুৰিব পাৰে; যাৰে তাৰে লগত কথা- বতৰা পাতিব পাৰে। সেইকাৰণে তাত একো নতুনত্ব নাই, সি এটা দেশীয় প্ৰথা মাথোন। কিন্তু আমাৰ দেশত মতা-তিৰুতা সদায় বেলেগে থকা, বেলেগে ফুৰা-চকাই নিয়ম; সেইকাৰণে হঠাৎ তাত ব্যতিক্ৰম ঘটিলে সি সকলোৰে চকুত পৰে, আৰু আন পিনে মতা-তিৰুতাৰ তেনে সমাগমৰ প্ৰচলন নথকাত যেয়ে সেয়ে আত্মসংযম কৰিব নোৱাৰে। আকৌ তোমাৰ কথাৰ পৰা যেনে বুজা গৈছে, তুমি বিলাতী স্ত্ৰী-স্বাধীনতাক ঠিক উদঙীয়া গৰুৰ স্বাধীনতাৰ শাৰীত ধৰিছা, আচলতে কিন্তু তেনে স্বাধীনতা কোনো সভা সমাজত নাই। বিলাতৰ ভাল মানুহৰ তিৰুতাই নিজৰ স্বামী বা আত্মীয় মানুহ, নাইবা দাস-দাসী অথবা শৰীৰ–ৰক্ষী লগত নোলোৱাকৈ কেতিয়াও দেশ বিদেশত মুফুৰে। আমাৰ দেশতো যিসকল ব্ৰহ্মবাদিনীয়ে পূৰ্বকালত সভা-সমিতিত যোগ দিছিল, তেওঁলোকেও নিজৰ স্বামী বা আপোন মানুহ লগত লৈহে তেনে কৰিছিল। ইয়াৰ লগতে আৰু এটা কথা মনত ৰখা উচিত যে আমাৰ মানুহ এতিয়া আগৰ দৰে শিক্ষিত নহয়, তিৰুতা দেখিলে সম্মান দেখুওৱা দূৰৰ কথা, যাকে তাকে সকাম দৃষ্টিপাত কৰাহে

দেখা যায়। তুমি বিলাতৰ কথা কৈছা, কিন্তু তাৰ অশিক্ষিত

—১০৩—