পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE THE 800K GAREFUL | [ ৩৫] লীলা--সখি! তোমাৰ ইচ্ছা আছে যদি জনোৱ। গৈ, ঠাট্টা কিয় কৰা? সখি! কোৱাচোন, কুৱ- লীৰে জুৰুলি জুপুিৰ হোৱা কমলিনীৰ প্ৰাণত কিবা সুখ সম্পদ থাকেনে? তুমি প্ৰফুল্ল চৌধুৰী বোলা মধ্যাহ্ন সূৰুযৰ আদৰ সম্ভাষণ পোৱা প্ৰফুল্ল কম- লিণী। তোমাৰ প্ৰাণ সুখ সৌৰৱেৰে আমোল- মোল নহবৰ বা কাৰণ কি?” লবঙ্গ-থোৱা! থোৱা! আৰু দুদিনৰ পাছত বৰ মানুহৰ চেনেহৰ ঘৰিণী হবাগৈ। ভেমতে লবঙ্গক মাতানে নেতা। সখি! লবঙ্গক নেতা- ৰিবা। লবঙ্গ লবঙ্গহে, ঠগাব খুজিলেও ঠগ নেয়। বাৰু, মই এতিয়া যাও, তোমাৰ আইয়ে চেনেহী বাইক ধান বানিবলৈ মাতিব কৈছিল। আহিলো, এতিয়া।” এই বুলি ৰঙ্গ চেনেহীৰ ঘৰৰ পিনে যাব ধৰিলে। বাসন্তীও লবঙ্গৰ পাছ ললে। যোৱাৰ সময়ত লবঙ্গই লীলাৰ মুখৰ পিনে চাই হাঁহি হাঁহি, “কুল বন্দুলি আনি তুলি তুলি, | গাথি মালা সযতনে!