এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৫]
লীলা--“সখি! তোমাৰ ইচ্ছা আছে যদি জনোৱাগৈ, ঠাট্টা কিয় কৰা? সখি! কোৱাচোন, কুৱলীৰে জুৰুলি জুপুৰি হোৱা কমলিনীৰ প্ৰাণত কিবা সুখ সম্পদ থাকেনে? তুমি প্ৰফুল্ল চৌধুৰী বোলা মধ্যাহ্ন সূৰুযৰ আদৰ সম্ভাষণ পোৱা প্ৰফুল্ল কমলিণী। তোমাৰ প্ৰাণ সুখ সৌৰভেৰে আমোল-মোল নহবৰ বা কাৰণ কি?”
লবঙ্গ-থোৱা! থোৱা! আৰু দুদিনৰ পাছত বৰ মানুহৰ চেনেহৰ ঘৰিণী হবাগৈ। ভেমতে লবঙ্গক মাতানে নেমাতা। সখি! লবঙ্গক নেভাৰিবা। লবঙ্গ লবঙ্গহে, ঠগাব খুজিলেও ঠগ নেখায়। বাৰু, মই এতিয়া যাও, তোমাৰ আইয়ে চেনেহী বাইক ধান বানিবলৈ মাতিব কৈছিল। আহিলো, এতিয়া।” এই বুলি লবঙ্গ চেনেহীৰ ঘৰৰ পিনে
যাব ধৰিলে। বাসন্তীও লবঙ্গৰ পাছ ললে। যোৱাৰ সময়ত লবঙ্গই লীলাৰ মুখৰ পিনে চাই হাঁহি হাঁহি,
“বকুল বন্দুলি আনি তুলি তুলি,
গাথি মালা সযতনে!
চ