পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৩৪] সিদিনা সোমবাৰ, ৰাতিপুৱা। সূৰ্যদেবে ম- বাসীক দেখা দিবলৈ যাত্ৰাকৰা বাবেই হৰলা পূৰ্ব আকাশত পকা অমিতাৰ দৰে সেন্দুৰীয়া ৰং ধৰিলে। আমাৰ লীলাৰতীও সকল গৃহ কৰ্ম সমাপন কৰি লক্ষেশ্বৰৰ পদুলিত ওলাল। কি খন ভৰি গুণি তলমুৰকৈ গৈ থকা বাবেই নেকি বিন্দু বিন্দু নিয়ৰ লগা ধুনীয়া তলসৰা বকুল ফুল বোৰ তেওঁৰ চকুত পৰিল। নিমিষতে, তেওঁৰ কোমল প্ৰাণটি ফুলৰ পিনে আকৃষ্ট হলত, বহি বহি ফুলবোৰ বুটলিৰ ধৰিলে। এটি দুটিকৈ বহুত ফুল তেওঁৰ কোছত উঠিল। উপযুক্ত আসন লাভ কৰিয়েই নেকি কেটামান ফুলে তেওঁৰ কুসুম যেন কোমল বুকুক আবৰি থকা বগা কাপোৰ খনিক লাবটি ধৰিলে। | এনেতে লবঙ্গলতা বাসন্তীৰে সৈতে আহি লীলাৰ পিছৰ পিনে ঠিয় দি মাত লগালে, “সখি। মালা ধাৰি সুন্দৰকৈ গাথিবা। এয়ে “কমল” ভোষো- ৰাৰ আগত গুপুততে তোমাৰ সৰল সম্ভাষণ জনাৰ।”