পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ পৰিচ্ছেদ। -o- বহাগৰ প্ৰায় শেষ। নৈ বিলবোৰ লাহে লাহে ভৰি আহিব ধৰিলে। শুকান বাট-পথৰোৰ বোক। পানীৰে ভৰ পুৰ হ'ল। লগতে জোক-মহ প্ৰভৃতি নানা কীট-পতঙ্গ আহি পৰাণীবোৰক আহুকালত পেলালে। ঋতুৰাজ বসন্তেও মেলানি মাগিব বাবে যো-যা কৰি, ৰূদ্ৰৰূপী গ্ৰীষ্মকালক ৰিঙিয়াই ৰিঙিয়াই মাতিব লাগিছে। আমাৰ লীলাবতীও পঞ্চদশ বসন্তৰ কোলাৰ পৰা উঠি ষোড়শী যুবতী বুলি চিনাকি দিবলৈ আগ- বাঢ়িলে এতিয়া তেওঁৰ জীৱনৰ পূৰ্ণ বসন্ত কাল সমাগত। কুমুদ বান্ধৱ ভগৱান চন্দ্ৰদেৱৰ আবিৰ্ভা- ৱত ফেট ফুলবোৰ প্ৰস্ফুটিত হোৱাৰ দৰে জীৱনৰ বসন্ত কাল উপস্থিত হোৱাত, এওঁৰও যৌবন ফুলটি সম্পূৰ্ণৰূপে প্ৰস্ফুটিত হৈছে। আৰু তাৰ ফলত নানা ঠাইৰ পৰা লীলাবতীক ধৰিবলৈ জাকে জাকে মানুহ আহিব ধৰিলে।