এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চতুৰ্থ পৰিচ্ছেদ।
⸺:০:⸺
বহাগৰ প্ৰায় শেষ। নৈ বিলবোৰ লাহে লাহে
ভৰি আহিব ধৰিলে। শুকান বাট-পথবোৰ বোকা
পানীৰে ভৰ পুৰ হ'ল। লগতে জোক-মহ প্ৰভৃতি
নানা কীট-পতঙ্গ আহি পৰাণীবোৰক আহুকালত
পেলালে। ঋতুৰাজ বসন্তেও মেলানি মাগিবৰ
বাবে যো-যা কৰি, ৰূদ্ৰৰূপী গ্ৰীষ্মকালক ৰিঙিয়াই
ৰিঙিয়াই মাতিব লাগিছে।
আমাৰ লীলাবতীও পঞ্চদশ বসন্তৰ কোলাৰ
পৰা উঠি ষোড়শী যুবতী বুলি চিনাকি দিবলৈ আগ-
বাঢ়িলে এতিয়া তেওঁৰ জীৱনৰ পূৰ্ণ বসন্ত কাল
সমাগত। কুমুদ বান্ধৱ ভগৱান চন্দ্ৰদেৱৰ আবিৰ্ভা-
ৱত ফেটফুলবোৰ প্ৰস্ফুটিত হোৱাৰ দৰে জীৱনৰ
বসন্ত কাল উপস্থিত হোৱাত, এওঁৰও যৌবন ফুলটি
সম্পূৰ্ণৰূপে প্ৰস্ফুটিত হৈছে। আৰু তাৰ ফলত
নানা ঠাইৰ পৰা লীলাবতীক ধৰিবলৈ জাকে জাকে
মানুহ আহিব ধৰিলে।