সমললৈ যাওক

পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ পৰিচ্ছেদ।

⸺:০:⸺

 বহাগৰ প্ৰায় শেষ। নৈ বিলবোৰ লাহে লাহে ভৰি আহিব ধৰিলে। শুকান বাট-পথবোৰ বোকা পানীৰে ভৰ পুৰ হ'ল। লগতে জোক-মহ প্ৰভৃতি নানা কীট-পতঙ্গ আহি পৰাণীবোৰক আহুকালত পেলালে। ঋতুৰাজ বসন্তেও মেলানি মাগিবৰ বাবে যো-যা কৰি, ৰূদ্ৰৰূপী গ্ৰীষ্মকালক ৰিঙিয়াই ৰিঙিয়াই মাতিব লাগিছে।

 আমাৰ লীলাবতীও পঞ্চদশ বসন্তৰ কোলাৰ পৰা উঠি ষোড়শী যুবতী বুলি চিনাকি দিবলৈ আগবাঢ়িলে এতিয়া তেওঁৰ জীৱনৰ পূৰ্ণ বসন্ত কাল সমাগত। কুমুদ বান্ধৱ ভগৱান চন্দ্ৰদেৱৰ আবিৰ্ভাৱত ফেটফুলবোৰ প্ৰস্ফুটিত হোৱাৰ দৰে জীৱনৰ বসন্ত কাল উপস্থিত হোৱাত, এওঁৰও যৌবন ফুলটি সম্পূৰ্ণৰূপে প্ৰস্ফুটিত হৈছে। আৰু তাৰ ফলত নানা ঠাইৰ পৰা লীলাবতীক ধৰিবলৈ জাকে জাকে মানুহ আহিব ধৰিলে।