পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৩১] কিন্তু বাপেকে হলে কত “হ” কৰা নাই। তেওঁৰ মনৰ ভাৱ তেওঁৰ একেটি হিয়াৰ পুতলি লীলাক তেওঁৰ মনৰ জোখাই ভাল এঠাইত গতাৰ পাৰিলেহে কন্যাদায়ৰ পৰা ৰা পোৱাৰ লগতে মনৰ শান্তিও ৰক্ষা হয়। কামেশ্বৰৰ ঘৰ কৈহাটীত। কৈহাটী লীলাহঁতৰ ঘৰৰ পৰা ৫৬ মাইল মান আতৰত। তেওঁলোকৰ ঘৰখন ধনে-জনে, মানে-দানে, বেহা-বেপাৰে গাওঁৰ ভিতৰত সবাতকৈ আগবঢ়া। তেওঁৰ নুমলীয়া পুতেক কমলে শৰে এইবাৰ প্ৰবেশিকা পৰীক্ষা দি ঘৰতে আছে। কমলেশ্বৰ সজ অভাৱৰ লৰা। তেওঁৰ ঘৰত যদিও সকলো বস্তু উভৈনদী, আকৌ যদিও তেওঁ ইচ্ছকৰিলে বিলাস সৰোবৰত হেৰঙ্গে সাতুৰি থাকিব পাৰে, তথাপি তেওঁ তেনে কৰিব নোেখোজ। সাধাৰণত আঠমুৰয়া অথচ ৰগা এখনি চুৰীয়া, কম দামৰ এটি কোট আৰু ৰ'দ বৰষুণৰ পৰা আত্ম ৰক্ষা কৰি বলৈ এটি সাধৰণ ছাতাই তেওঁৰ পোছাক। ইয়াকে পিন্ধিয়েই তেওঁ সন্তুষ্ট। কেতিয়াবা কেতিয়াৰ কিছু মান ভেম মাৰি ফুৰা ছাতৰে তেওঁক কিপিণ বুলি