পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২৯ , ৰঙা ফুল থকা ৰিহা মেখেলা যোৰ পিন্ধি গাওলৈ ওলাল আৰু গাওঁ মান্যবন্ত লোক সকলক সেৱা- সম্মান কৰি তাই মাক পিতাকক বিহুৰ যোগ সেৱা-শুশ্ৰুষা কৰিলেহি। পিছত লগৰীয়া সখি সকলৰ গোসাই ঘৰত সোমাই নাম গালে। নামৰ অন্ত পৰিলত সকলোৱে ঘৰ-ঘৰি গুছি গল। আমাৰ লীলাবতীও বৰ ঘৰত সোমাই সে। হাতৰ কাৰবাৰ খিনি সমাধা কৰিলে। এনে উৎসব-আনন্দতে ৰঙালী বিহুৱে মেলানি মাগিলে।