পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


 অৰ্থাৎ, হে সৌম্য! আদিতে এক অদ্বিতীয় সৎ হে আছিল। এই বিষয়ে কোনোৱে এনেকৈ কয় বোলে— আদিতে এই এক অদ্বিতীয় অসৎ হে আছিল। এই অসতৰপৰা সতৰ উৎপত্তি হৈছে। (৬৷২৷১)।

 কিন্তু, হে সৌম্য! এনে কেনেকৈ হব পাৰে? অসতৰপৰা কেনেকৈ সৎ ওলাব পাৰে? এতেকে হে সৌম্য! আৰম্ভতে এক অদ্বিতীয় সৎ (ঈশ্বৰ) হে অছিল। এনেকৈ আৰুণিয়ে কলে। (৬৷২৷২)

 এই কথাকে ধৰ্ম্মবীৰ কবীৰে এনেকৈ কৈছে :—

 “প্ৰথম এক যো আপে আপ।”

অৰ্থাৎ, প্ৰথমে সেই এক আপোনাতে আপুনি আছিল।  অদ্বৈত জ্ঞান সম্বন্ধে কবীৰে আৰু কয় :—

 (১) “কবীৰ সাঁই মেৰে একতু, দুজা আওৰ ন কোই৷’’ অৰ্থাৎ, একমাত্ৰ কবীৰৰ স্বামী হে আছে; দ্বিতীয় আৰু কোনো নাই।

 (২) হমতো একহি কৰ জানো
দোয় কহৈ তেঁহিকো দুবিধা হৈ।”

 অৰ্থাৎ, মই হলে জানো কেৱল একৰ হে সত্ত্বা আছে। যোনে দুই আছে বোলে তাৰ দ্বিধা আছে৷

 (৩) “কবীৰ যো এক ন জানিয়া, তো সৱহি জান অজান, যো ওহি একহি জানিয়া, তো সব অজান সুজান৷’’