পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 হে ভগৱন! আপুনি অদ্বিতীয়। পৃথিবী, জল, তেজ, বায়ু, আকাশ, মন, ইন্দ্ৰিয় আৰু ইন্দ্ৰিয়ৰ অধিষ্ঠাত্ৰীদেৱতা- সকলৰ দ্বাৰা অখিল চৰাচৰ বিঘটিত হয়—আপোনাত এই ভ্ৰম হয়।

“এক এৱাদ্বিতীয়োহভূদাত্মাধাৰোহখিলাশ্ৰয়ঃ।
কালোনাত্মানুভাৱেন সাম্যং নীতাসু শক্তিষু।
সত্ত্বাদিষ্বাদিপুৰুষঃ প্ৰধানপুৰুষেশ্বৰঃ।” (ভাগ, ১১৷৯৷১৭)

 দেৱ নাৰায়ণ পূৰ্ব্বসৃষ্ট এই জগতক কল্পান্ত সময়ত কাল-শক্তিৰে সংহাৰ কৰি আত্মাধাৰ আৰু অখিলাশ্ৰয় স্বৰূপে এক আৰু অদ্বিতীয় হৈ থাকে। আত্মশক্তি কালৰ প্ৰভাৱত শক্তিসকল আৰু সত্ত্বাদি স্ব স্ব কাৰণত লীন হোৱাৰ পিচত শ্ৰীকৃষ্ণ আদিপুৰুষ ব্ৰহ্মা আৰু আন মুক্ত জীৱৰ প্ৰাপ্য হৈ থাকে।

 উপনিষদেও এক অদ্বিতীয় (“একমেৱাদ্বিতীয়ম্”) ঈশ্বৰক হে নিৰ্দ্দেশ কৰে। যেনে, :—

“সদেৱ সোম্যেদমগ্ৰ আসীদেকমেৱাদ্বিতীয়ম্৷
তদ্ধৈক আহুৰসদেৱেদমগ্ৰ আসীদেকমেৱাদ্বিতীয়ং
তমাদসতঃ সজ্জায়ত॥” (ছান্দোগ্যোপনিষদ, ৬৷২।১)

“কুতস্তু খলু সোম্যৈৱং স্যাদিতি হোৱাচ কথমসতঃ
সজ্জায়েতেতি। সত্ত্বেৱ সোম্যেদমগ্ৰ আসীদেকমেৱাদ্বিতীয়ম্॥ (তথা, ৬৷২৷২)