অৰ্থাৎ, হে সৌম্য! আদিতে এক অদ্বিতীয় সৎ হে আছিল। এই বিষয়ে কোনোৱে এনেকৈ কয় বোলে— আদিতে এই এক অদ্বিতীয় অসৎ হে আছিল। এই
অসতৰপৰা সতৰ উৎপত্তি হৈছে। (৬৷২৷১)।
কিন্তু, হে সৌম্য! এনে কেনেকৈ হব পাৰে? অসতৰপৰা কেনেকৈ সৎ ওলাব পাৰে? এতেকে হে সৌম্য! আৰম্ভতে এক অদ্বিতীয় সৎ (ঈশ্বৰ) হে অছিল। এনেকৈ আৰুণিয়ে কলে। (৬৷২৷২)
এই কথাকে ধৰ্ম্মবীৰ কবীৰে এনেকৈ কৈছে :—
“প্ৰথম এক যো আপে আপ।”
অৰ্থাৎ, প্ৰথমে সেই এক আপোনাতে আপুনি আছিল। অদ্বৈত জ্ঞান সম্বন্ধে কবীৰে আৰু কয় :—
(১) “কবীৰ সাঁই মেৰে একতু, দুজা আওৰ ন কোই৷’’ অৰ্থাৎ, একমাত্ৰ কবীৰৰ স্বামী হে আছে; দ্বিতীয় আৰু কোনো নাই।
(২) হমতো একহি কৰ জানো
দোয় কহৈ তেঁহিকো দুবিধা হৈ।”
অৰ্থাৎ, মই হলে জানো কেৱল একৰ হে সত্ত্বা আছে। যোনে দুই আছে বোলে তাৰ দ্বিধা আছে৷
(৩) “কবীৰ যো এক ন জানিয়া, তো সৱহি জান অজান, যো ওহি একহি জানিয়া, তো সব অজান সুজান৷’’