পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


অৰ্থাৎ, যোনে সেই একতত্ত্ব জানে, সি যি কিছু জানে সি নজনাৰ অন্তৰ্গত। আৰু যোনে সেই অদ্বৈত তত্ত্ব জানে, তাৰ সকলো জনা হৈছে।

(৪) “এক আপ লৱ মাহীঁ,
দুজা ভৰম হৈ কুত্ৰিম, জ্যো দৰ্পনমে ছাহীঁ
জল তৰঙ্গ জিমি জলতে উপজৈ, ফিৰ জল
মাহি ৰহাঈ।”

 অৰ্থাৎ, এক আত্মা সকলোৰে ভিতৰত আছে। কিন্তু ভ্ৰমত দুটা বুলি কৃত্ৰিম বোধ হয়। যেনেকৈ বহুত আৰ্চ্চিত একৰে বহুত প্ৰতিবিম্ব দেখা যায় তেনেকৈ একে আত্মাকে আধাৰ ভেদত বহুত বুলি ভ্ৰম হয়। যেনেকৈ জল-তৰঙ্গ পানীতে উপজে আকৌ পানীতে মিলি যায়।

৫) “যিনহ্ দিল বান্ধা এক সোঁ, তিন্ হ সুখ পায় নিত্।”

 অৰ্থাৎ, যাৰ মন একতত্ত্বত বন্ধা আছে, তেৱে নিত্য সুখ পায়।

 মহাপুৰুষ মাধৱদেৱেও ভেদ-শ্ৰুতি আৰু দ্বৈত-ভয় সমন্ধে কৈছে :—

“কহো অজ্ঞানৰ যেন কাৰণ সাক্ষাৎ।
যেখনে বিমুখ ভৈল কৃষ্ণৰ সেৱাত॥
তেখনে কৃষ্ণৰ মায়া পাইলেক জীৱক।
মহা মোহ হৈয়া পাসৰিলে স্বৰূপক॥