পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ওঁ নমো ভগৱতে বাসুদেবায়।
 
*ছুটিয়া সন্মিলনী*
 
অভ্যৰ্থনা সমিতির সভাপতি ডাঙ্গরীয়া আরু
চুতীয়া রাইজ সকল।


 আপোনালোকে আজি সমূহ চুতীয়া রাইজে গোট ৰাই সভা পাতি মোক সভাপতি বরণ কৰিছে। আপোনালোকে নিজর ভিতৰতে এজনক লৈয়ো এই সভা সুকলমে কৰিব পাৰিলে হেতেন, তেনে স্থলত যে মোক এই সভাৰ সভাপতি বরণ করিলে ইয়াৰ কারন যিমান দুর মই জানিব পারিছোঁ আপো লোকর মোৰ প্ৰতি এটা আন্তরিক ভক্তি আরু মরম এইটো বৈজ্ঞানিক সত্য যে অকপট সহানুভুতিরে সহানুভুতি মরমে মরম, ঘৃনাই ঘৃনা আকৰ্ষন করে। মই অন্তরেরে সৈতে মোৰ অসম জননীৰ সন্তান সকলো জাতরে, সকলো শ্ৰেণীর ভাতৃ বৃন্দক ভাল পাওঁ। সকলো জাতরে, সকলো শ্ৰেনীর ৰাইজৰ উণ্ণতিতে মোৰ উণ্ণতি বুলি ভাবোঁ। বোধ কৰোঁ আপোনা সকলর অনেকেই মোর এই নামটো জানে