পৃষ্ঠা:চাণক্য.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২১)

আপোনাৰ ঐশ্বৰ্য্যক নথবা পৰত। (৪৬)
ভাৰ্য্যাক নথবা কেহো পৰৰ ঘৰত॥
গৰু সব নষ্ট হৱে পৰ গৃহে থৈলে।
ব্ৰাহ্মণ হৱয় নষ্ট পৰগৃহে খাইলে॥
সমস্তত খাইলে দ্বিজ অধম হৱয়।
শুনা যি কাৰ্য্যত নকৰিবা লাজ ভয়॥
ধনধান্য আৰ্জ্জিয়া পাৱয় যিবা সাজ। (৪৭)
শিখিবা অনেক বিদ্যা নকৰিবা লাজ॥
আহাৰে বিহাৰে লাজ ভাৱ নুযুয়ায়।
ছলে বলে আনিবা বৰ্ত্তিবা খুজি খায়॥
অবংশত ৰাজা যদি হৱে এক জন। (৪৮)
দৰিদ্ৰ সকলে যদি পাৱে বহু ধন॥
মুৰুখৰ বংশে যদি হৱয় পণ্ডিত।
পৃথিবী নধৰে আতি তিনিৰ ফষ্টিত॥
বোলয় আমাৰ সম নাহি ত্ৰিভুবনে।
সমস্তকে তৃণ সম দেখে তাৰ মনে॥


(৪৬) ... ... ... ...
(৪৭) ধনধান্ত প্ৰয়োগেধু বিদ্যামভ্যসনেষুচ
 আহাৰেচ বিহাৰেচ ত্যক্ত লজঃ সদা ভবেৎ।
(৪৮) অবংশ পতিতো ৰাজা মুৰ্খপুত্ৰস্ত পণ্ডিতঃ
 নিৰ্দ্ধনোহপি ধনং প্ৰাপ্য তৃণবন্মন্যতে জগৎ॥