পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সামৰণি দৃশ্য

( কাশ্মীৰ প্ৰাসাদৰ বাৰাণ্ডা)

[ অন্তঃপুৰৰ পৰা এটা কৰুণ সুৰ উটি আহে। চিন্তাযুক্ত ভাবে বিজয়সিংহই পদচাৰণা কৰি থাকে। অদুৰ সন্মুখেদি ঘাটকে অনন্তক ৰণভূমিলৈ লৈ যায়। কিছুপৰৰ পাচত বিজয়সিংহই প্রাসাদৰ খিলিকি খুলি দিয়ে। দূৰত ঘাটকে অনন্ত শিৰচ্ছেদ কৰা দেখা যায়।]

বিজয়—[ খিৰিকি বন্ধ কৰি ] পাপৰ এটা জীৱন্ত প্রতিমূর্ত্তি, প্রায়চিত্তৰ কাৰণে পৰপাৰলৈ প্রস্থান কৰিছে।

(আউলী বাউলী হৈ বিমলাৰ প্ৰবেশ ]

বিমলা-[ কান্দি কান্দি ] মহাৰাজ, মহাৰাজ, দাদাক কলৈ পঠিয়ালে! বিমলাক বিপন্না কৰি, চিৰ অভাগিনী কৰি দাদা কলৈ গ'ল মহাৰাজ ?

বিজয়- বিমলা, হিংসা-দ্বেষ পৰিপূৰ্ণ পৃথিবীৰ পৰা, বীৰধৰ্ম্ম পালন কৰি চিৰানন্দ স্বর্গধামলৈ প্ৰতাপসিংহ প্রয়াণ কৰিলে। মৰতৰ মানবী অশ্ৰুৱে সেই মুক্ত আত্মাক আৰু বেদনা নিদিবা।

বিমলা—শৈশৱত পিতৃক হেৰুৱালাে, কৈশােৰত মাতৃক হেৰুৱালাে। আৰু আজি অভাগিনী মই, দুখিনীৰ আশ্রুদাতা, পিতৃস্বৰূপ দাদায়ো মােক অকলশৰীয়া কৰি এৰিথৈ গুচি গ'ল। মহাৰাজ, মহাৰাজ-