পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৭৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমণি দৃশ্য ( কাশ্মীৰ প্ৰাণৰ বাৰাণ্ডা) [ অন্তঃপুৰৰ পৰা এটা কৰুণ সুখ উটি অহে। চিন্তাযুক্ত ভাবে সিংহই পদচাৰণা কবি থাকে। অনুৰ সন্মুখেদি ঘাটকে অনন্তক ভূমিলৈ লৈ যায়। কিছুপৰৰ পাচত বিজয়সিংহই প্রাসাদৰ খিলিকি ল দিয়ে। দূৰত ঘাটকে অনন্ত শিকছেদ কৰা দেখা যায়। হয়—[ খিৰিকি বন্ধ কৰি ] পাপৰ এটা জীৱন্ত প্রতিমূর্তি, প্রায়চিব কাৰণে পৰপাৰলৈ প্রস্থান কৰিছে। (আউলী বাউলী হৈ বিমলাৰ প্ৰবেশ ] মলা-[ কান্দি কান্দি ] মহাৰাজ, মহাৰাজ, দাদাক কলৈ পঠিয়ালে! বিমলাক বিপন্না কৰি, চিৰ অভাগিনী কৰি দাদা কলৈ গ'ল মহাৰাজ ? ছয় বিমলা, হিংসা-দ্বেষ পৰিপূৰ্ণ পৃথিবীৰ পৰা, বীৰধৰ্ম্ম পালন কৰি চিৰানন্দ স্বর্গধামলৈ প্ৰতাপসিংহ প্রয়াণ কৰিলে। মৰতৰ মানবী অৰে সেই মুক্ত আত্মাক আৰু বেদনা নিদিবা। লা—শৈশৱত পিতৃক হেৰুৱালাে, কৈশােৰত মাতৃক হেৰুৱালাে। আৰু আজি অভাগিনী মই, দুখিনীৰ আশ্রদাতা, পিতৃস্বৰূপ দাদায়ে৷ মােক অকলশৰীয়া কৰি এৰিথৈ গুচি গ'ল। মহাৰাজ, মহাৰাজ-