পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৭ম দৃশ্য--কামৰূপী সৈন্য শিবিৰৰ সমীপ।

( এফালৰ পৰা দূৰ্য্যসিংহ আৰু বিপৰীত ফালৰ পৰা অনন্তৰ প্ৰবেশ )

অনন্ত- কাশ্মীৰত ভৰি দিয়েই এটা শুভ সংবাদ পাইছো সেনাপতি।

সূৰ্য্য- কি ?

অনন্ত-পিতাই আত্মহত্যা কৰিলে।

সূৰ্য্য- এইটো শুভ সংবাদ !

অনন্ত- নিশ্চয় শুভসংবাদ। কামৰূপী সৈন্যৰ হাতত প্রাণ দিয়াতকৈ আত্মহত্যা কৰি পিতাই দূৰদৰ্শীতাৰ কাম কৰিলে। [ কিবা এটা ভাবি হঠাতে ] সেনাপতি শত্রু সৈন্য আঢ়ৈ লক্ষ; আমাৰ জয় নিশ্চিত।

সুৰ্য্য- কিন্তু যুবৰাজে যােগ দিয়া বাবে অলপ ভাবিব লগীয়া হৈছে।

অনন্ত- যুবৰাজৰ কাৰণে ভয় কি? আমাৰ সৈন্য পাঁচ লক্ষ্য।

সূৰ্য্য- যুবৰাজ অদ্ভুত যােদ্ধা।

অনন্ত- সেই কাৰণে আপুনি যদি ভয় কৰিছে অনঙ্গক বন্দী কৰাৰ ভাৰ মই ললোঁ।

সূৰ্য্য- ভাল কথা। কাইলৈ প্রত্যুষতে আমি কাশ্মীৰ সৈন্য আক্ৰমণ কৰিম । আঢ়ৈ লক্ষ্য ;