, ৪র্থ অ৭ম দৃ] কাশ্মীৰ কুমাৰী অনন্ত-- আজি তেন্তে অলপ বিশ্রাম কৰা যাওক। [ দূৰত ৰণভেৰীৰ শব্দ ] সূৰ্য্য-- সেয়া কিহৰ শব্দ মন্ত্রীপুত্র ? অনন্ত- একো নহয়। [ বেগেৰে এটা সৈনিকৰ প্রবেশ ] সৈন্য – সেনাপতি সেনাপতি, যুবৰাজে অতর্কিতে আমাৰ শিবিৰ আক্ৰমণ কৰিছে। সূৰ্য্য-- আক্ৰমণ কৰিছে। অনন্ত- আজিয়েই শিবিৰ আক্ৰমণ কৰিছে। সেনাপতি আমাৰ কাইলৈহে- সূৰ্য মন্ত্রীপুত্ৰ ৰণসজ্জা কৰক! বল, এই আক্রমণ ব্যর্থ কৰিব নােৱাৰিলে আমাৰ পৰাজয় অনিবার্য। [ সূৰ্যসিংহ আৰু সৈনিকৰ প্রস্থান) অনন্ত-- আমাৰ শিবিৰ আক্ৰমণ ! ইমান স্পর্ধা! { প্রস্থান ] [ বিপৰীত ফালৰ পৰা প্ৰতাপ আৰু কেইটামান সৈনিকৰ প্ৰবেশ ] প্রতাপ— যুবৰাজে পশ্চিম ফালৰ পৰা আক্ৰমণ কৰিছে, আমি দক্ষিণ ফালৰ পৰা আক্ৰমণ কৰে। ভাই কাশ্মীৰী, মৃত্যু এদিন আহিবই, ভয় কি ? আহা বীৰবৃন্দ, প্রাণ দি জননীক পূজা কৰে। { প্রতাপ আৰু সৈনিকৰ প্রস্থান ] । বিপৰীতফালৰ পৰা বীৰেন্দ্র প্রবেশ ] বীৰেন্দ্ৰ সৈন্যসকল, বীৰসকল, কাশ্মীৰক যদি জীৱিত বাখিব খুজিছা নিজ প্রাণ তুচ্চ কৰি যুদ্ধ কৰাঁ। 9 ৬