পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৭৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ম দৃশ্যামৰূপী সৈন্য শিৰিৰ সমীপ। ( এফালৰ পৰা দূৰ্যসিংহ আৰু বিপৰীত ফালৰ পৰা অনন্তৰ প্ৰবেশ ) অন- অনন্ত- কাশ্মীৰত ভৰি দিয়েই এটা শুভ সংবাদ পাইছো সেনাপতি। সূৰ্য- কি ? পিতাই আত্মহত্যা কৰিলে। সূৰ্য্য- এইটো শুভ সংবাদ ! অনন্ত- নিশ্চয় শুভসংবাদ। কামৰূপী সৈন্যৰ হাতত প্রাণ দিয়াতকৈ আত্মহত্যা কৰি পিতাই দূৰদৰ্শীতাৰ কাম কৰিলে। [ কিবা এটা ভাবি হঠাতে ] সেনাপতি শত্রু সৈন্য আমাৰ জয় নিশ্চিত। সুৰ্য কিন্তু ঘুৰাজে যােগ দিয়া বাবে অলপ ভাবিব লগীয়া হৈছে। অনন্ত- যুবৰাজৰ কাৰণে ভয় কি? আমাৰ সৈন্য পাঁচ লক্ষ্য। সূৰ্য- যুবৰাজ অদ্ভুত যােদ্ধা। অনন্ত--- সেই কাৰণে আপুনি যদি ভয় কৰিছে অনঙ্গক বন্দী কৰাৰ ভাৰ মই ললে।। সূৰ্য ভাল কথা। কাইলৈ প্রত্যুষতে আমি কাশ্মীৰ সৈন্য আক্ৰমণ কৰিম । আঢ়ৈ লক্ষ্য ;