পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় অ-৩য় দৃ
৫১
কাশ্মীৰ কুমাৰী

বিজয়- ইয়াত তোমালোকৰ কি প্ৰয়োজন?

সূৰ্য্য- আপোনাক আৰু ৰাজকুমাৰীক বন্দী কৰা।

কমলা,বিমলা- দাদা দাদা! উস্-আই, আই। [ ৰত্নাৰ মৃতদেহ দুয়ো গবা মাৰি ধৰে ]

বিজয়- [ ক্ষন্তেক আকাশৰ ফালে চাই, গম্ভীৰ স্বৰেৰে ] কামৰূপী বীৰ, ক্ষন্তেক আগতে কাশ্মীৰৰ ৰাজমাতায় এই শয্যাতে অনন্ত শয়ন কৰিছে। বীৰ তোমালোক, ভাৰত বাসী তোমালোক, মাতৃৰ অন্ত্যেষ্টি ক্ৰিয়া সমাপন কৰিবলৈ আশাকৰো সময় দিবাঁ।

সূৰ্য্য- আমি সম্পূৰ্ণ অক্ষম। শত্ৰুক বিশ্বাস কৰা আমাৰ নিয়ম নহয়। [ সৈনিক] বন্দী কৰ।

বিজয়— তেন্তে, তেন্তে, মূহুৰ্ত্তৰ কাৰণে অপেক্ষা কৰা কামৰূপী বীৰ। জননীক শেষ বাৰৰ কাৰণে চাই লওঁ। ঘূিৰি] আই-

সূৰ্য্য- আপোনাক সময় দি আমি সময় নষ্ট কৰিব নোৱাৰোঁ। সৈনিক, কাশ্মীৰাধিপতি আৰু ৰাজকুমাৰীক বন্দী কৰ।

[ সৈন্য আগ বাটে ]

[ অনঙ্গৰ প্ৰবেশ। তেওঁক দেখি সৈন্য পাচ হোঁহকে। ]

অনঙ্গ- প্ৰাগজ্যেতিষৰ কীৰ্ত্তিস্তম্ভ পলকতে নৰকৰ গৰ্তভ নিক্ষেপ কৰিলি কাপুৰুষ। কি কৰিলি, কি কৰিলি নৰাধম! প্ৰাগজ্যোতিষৰ পূজাৰ বিগ্ৰহ বিতস্তাৰ সোঁতত উঠি গ'ল, কামৰূপৰ বিজয় পতাকা কাশ্মীৰৰ ধুলিত মিহলি হ’ল। ইয়াৰ কাৰণেই, ইয়াৰ কাৰণেই কাশ্মীৰ জয়