এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কাশ্মীৰ কুমাৰী | ৩য় অ— ৩য় দৃ] | কৰিবলৈ আহিছিলি! ইয়াৰ কাৰণেই বীৰ বুলি, বিজয়ী ' বুলি কাশ্মীৰভ চিনাকি দিছিলি! সূৰ্ধ-[ সভয়ে } যুবৰাজ। অনঙ্গ—দূৰ হ। [ সূৰ্যসিংহ আৰু সৈন্যৰ প্ৰস্থান। ক্ষন্তেক মোন হৈ থাকি ] মহাৰাজ, প্ৰাগজ্যোতিষে আজি আপোনৰ ওচৰত, স্বৰ্গগতা জননীৰ ওচৰত যি অপৰাধ কৰিলে, তাৰ বাবে নতজানুহৈ কামৰূপৰ যুবৰাজে ক্ষমা ' প্ৰাৰ্থনা কৰিছে। [ আই কাঢ়ে] বিজয়- [তুলি দি} উঠক বীৰ, উঠক যুবৰাজ। মাতৃ হাৰা সন্তপ্ত, মই, মোক আৰু অপৰাধী নকৰিব। বিজয়ী বীৰ, আজি আপুনি কেৱল কাশ্মৰ ৰাজ্য জয় কৰা নাই, আপোনা উদাৰ অন্তঃকৰণেৰে কাশ্মীৰবাসীৰ হৃদয় জয় কৰিলে। অনঙ্গ- মহাৰাজ, কাপুৰুষ সূৰ্যসিংহই আজি যি মহাপাপ কৰিলে, তাৰ প্ৰায়চিত্তৰ কাৰণে আপোৰ ৰাজ্য আপোনা হাতত সমৰ্পন কৰিলে॥ বিদায়। - [ প্ৰস্থান ] তৃতীয় অঙ্ক শেষ।