৩য় অ-৩য় দু কাশ্মীৰ কুমাৰী বিজয়-- ইয়াত তোমালোকৰ কি প্ৰয়োজন? সূৰ্য- আপোনাক আৰু ৰাজকুমাৰীক বন্দী কৰা। কমলা, বিমলা দাদা দাদা! উস-আই, আই। [ ৰাৰ মৃতদেহ দুয়ো গবা মাৰি ধৰে ] বিজয়- [ ক্ষন্তেক আকাশৰ ফালে চাই, গম্ভীৰ স্বৰেৰে ] কামৰূপ বীৰ, ক্ষন্তেক আগতে কাশ্মীৰব ৰাজমাতায় এই শয্যাতে অনন্ত শয়ন কৰিছে। ৰীৰ তোমালোক, ভাৰত বাসী তোমালোক, মাতৃৰ অন্ত্যেষ্টি ক্ৰিয়া সমাপন কৰিবলৈ আশাকৰো সময় দিব। সূৰ্য আমি সম্পূৰ্ণ অক্ষম। শত্ৰুক বিশ্বাস কৰা আমাৰ নিয়ম নহয়। [ সৈনিক] বন্দী কৰ। বিজয়— তেন্তে, তেন্তে, মূহুৰ্ত্তৰ কাৰণে অপেক্ষা কৰা কামৰূপী বীৰ। জননীক শেষ বাৰৰ কাৰণে চাই লওঁ। ঘূিৰি] আই- সূৰ্য্য আপোনা সময় দি আমি সময় নষ্ট কৰিব নোৱাৰে। সৈনিক, কাশ্মীৰাধিপতি আৰু ৰাজকুমাৰীক বন্দী কৰ। [ সৈন্য আগ বাটে ] [ অঙ্গ প্ৰবেশ। তেওঁক দেখি সৈন্য পাচ হোঁহকে। ] অনঙ্গ প্ৰাগজ্যেতিষৰ কীৰ্ত্তিম্ভ পলকতে নৰকৰ গতত নিক্ষেপ কৰিলি কাপুৰুষ। কি কৰিলি, কি কবিলি নৰাধম! প্ৰাগজ্যোতিষৰ পূজাৰ বিগ্ৰহ বিতস্তাৰ সোঁতত উঠি গ'ল, কামৰূপৰ বিজয় পতাকা কাশ্মীৰৰ ধুলিত মিহলি হ’ল। ইয়াৰ কাৰণেই, ইয়াৰ কাৰণেই কাশ্মীৰ জয়