পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৫৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাশ্মীৰ কুমাৰী ( ৩য় অ-৩য় ৰা — বিজয়, বিজয়-[ মাতিব নোৱাৰা হয় ] বিজয় আই! আই! [ শয্যাত মূৰ থৈ নিমাত হয়। ] [ বাহিৰত সৈন্যৰ কোলাহল আৰু ৰণবাদ্য। তেজেৰে ৰাঙলি হৈ প্ৰতাপৰ প্ৰবেশ ] প্ৰপ- মহাবাহ মহাৰাজ, পাৰিলে আত্মৰক্ষা কৰক আত্মৰক্ষা | কৰক। সাত লক্ষ কাশ্মীৰী ভাইক মাতৃ পূজাত বলি দিছে, বাকী আছে এই দুৰ্ভগীয়া! সন্তানৰ শোণিত তৰঙ্গত শ্যামলা কাশ্মীৰ ৰক্ত-ৰঞ্জিত! লক্ষ লক্ষ পুত্ৰৰ মৃতদেহ আকোৱালি ধৰি জননী কাশ্মীৰ সংজ্ঞাহীন। কাশ্মীৰ, কাশ্মীৰ আই মোৰ-অহহ মহাৰাজ বিদায়-- [ প্ৰস্থান ] বিমলা-দাদা, দাদা, [ কান্দে। ৰত্না অস্থিৰ হয় ] কমলা—আই, আই, কেলৈ এনেকুৱা কৰিছা? আইবিমলা-[ চকু মোহাৰি ] আই, ই কি! দাদা! [ বিজয়ৰ | কাষলৈ যায়। ৰ-মই—আহিলো। [ মৃত্যু। বিজয়--আই, আই! [ ৰত্নাৰ ভৰিত মূৰ থৈ নিমাত হয় ] কমলা, বিমলা- আই আই। [ ৰত্নাৰ গাত মূৰ থৈ কান্দে। নেপথ্যত-জয় প্ৰাগজ্যোতিষৰ জয়। জয় মহাৰাজ বিশ্বসিংহৰ জয়॥ | { কেইটামান সৈন্তু লগত লৈ সূৰ্যসিংহৰ প্ৰবেশ ] বিজয়-- [ মূৰ ডাঙি ] কোন তোমালোক? সূৰ্য- আপোনাৰ শত্ৰু